thumbnail

By

Published : Mar 23, 2022, 6:42 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

ব'হাগ পালেহি: ঢোল নিৰ্মাণত ব্যস্ত শিল্পী

চেনেহৰ ৰঙালী বিহুটিক উলহ মালহেৰে পালন কৰিবৰ বাবে সাজু হৈছে অসমবাসী (Bihu preparation in Assam) । পিছ পৰি ৰোৱা নাই বোকাখাতীয়া ৰাইজো । বোকাখাতৰ মা বাদ্য ভাণ্ডাৰতো এতিয়া থলুৱা বাদ্য বিশেষকৈ ঢোল বিচাৰি লাগিছে গ্ৰাহকৰ ভিৰ ৷ সেয়েহে এতিয়া মা বাদ্য ভাণ্ডাৰৰ প্ৰতিগৰাকী শিল্পী ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত (Folk instrument makers busy with making Dhol ) । বিগত ২ টা বছৰ ৰঙালী বিহু পালন কৰিব নোৱাৰা বোকাখাতীয়া ৰাইজৰ বাবে নিৰ্মান কৰিছে শতাধিক ঢোল । ৪ ৰ পৰা ৫ হাজাৰ টকাৰ মূল্যত বিক্ৰী কৰিছে একোটা ঢোল । এইবাৰ বহাগৰ বিহুটি পালনৰ বাবে ৰাইজৰ পাৰ ভঙা উৎসাহ দেখি ঢোল নিৰ্মাণৰ লগত জড়িত শিল্পী সকলৰ মনলৈকো আহিছে এক আশাৰ বতৰা। যোৱা দুটা বছৰ কভিডৰ বাবে ঢোল নিৰ্মাণ কৰিব পৰা নাছিল এই সকলে ৷ কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত ৰাইজে বাপতি সাহোন বহাগৰ বিহুটিক পালন কৰিবলৈ আগতীয়াকৈ ককালত টঙালী বন্ধা দেখা গৈছে ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.