World Breastfeeding Week: বিহালীত বিশ্ব স্তনপান সপ্তাহ উদযাপন - World Breastfeeding Week observed at Bihali in Biswanath
🎬 Watch Now: Feature Video

সোমবাৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ । অহা ৭ আগষ্টলৈকে চলিব লগীয়া বিশ্ব স্তনপান সপ্তাহ উপলক্ষে বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প সেৱা আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত সোমবাৰে এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়(World Breastfeeding Week observed at Bihali in Biswanath)। শিশু সকলক মাতৃ দুগ্ধৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্য়ে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা প্ৰায় ১০০ৰো অধিক আশাকৰ্মী, অংগনবাড়ী কৰ্মীয়ে মাতৃ দুুগ্ধ পান কৰাওক, বিশ্ব স্তনপান দিৱস পালন কৰক আদি শ্লগানেৰে প্ৰায় ২ কিলো মিটাৰ পথ পদযাত্ৰাৰে সজাগতা সৃষ্টি কৰে ৷ উল্লেখ্য় যে প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা । ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক । তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ সবল হয় । প্ৰতিগৰাকী মাতৃক সজাগ কৰিবলৈ পালন কৰা হৈছে বিশ্ব স্তনপান সপ্তাহ ৷
Last Updated : Feb 3, 2023, 8:25 PM IST