Protest at Guwahati Refinery: নুনমাটি শোধনাগাৰত শ্ৰমিক সংগঠনৰ প্ৰতিবাদ - Workers Protest at Guwahati Refinery
🎬 Watch Now: Feature Video
গুৱাহাটী, 12 জুন : গুৱাহাটী শোধানাগাৰ কৰ্তৃপক্ষ আৰু বিভাগীয় ঠিকাদাৰী প্ৰতিষ্ঠান সমূহে অস্থায়ী শ্ৰমিক সকলৰ ক্ষেত্ৰত পৰিকল্পিত সুৰক্ষা নীতি গ্ৰহণ নকৰাৰ ফলত সম্প্ৰতি নিৰপত্তাহীনতাত ভুগিছে শোধনাগাৰৰ ভিতৰত কৰ্মৰত শ্ৰমিক সকল ৷
শনিবাৰে শোধনাগাৰৰ ভিতৰত মৃত্যু হোৱা শ্ৰমিকক উপযুক্ত ক্ষতি পূৰণ প্ৰদানৰ লগতে শ্ৰমিক সকলক উপযুক্ত শ্ৰমিক আইনৰ অধীনত সকলো সা-সুবিধা প্ৰদানৰ দাবীত ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ উদ্যোগত সোমবাৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ প্ৰায় পাঁচ শতাধিক শ্ৰমিকে কৰ্মবিৰতি পালন কৰি শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী শ্ৰমিক সকলে শ্ৰমিকৰ সুৰক্ষা সুনিশ্চিত কৰা , কিছুদিন পূৰ্বে শোধনাগাৰত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 20 লাখ টকা আৰু আহত শ্ৰমিকৰ পৰিয়ালক নগদ 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় ৷ প্ৰতিবাদী শ্ৰমিক সকলে কৰ্মৰত শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালকৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰাৰ দাবী জনায় ৷
লগতে পঢ়ক: Guwahati New Traffic role : চিটি বাছৰ অভাৱ ঘটিব নেকি মহানগৰীত !