Rudrakanya: যোৰহাটৰ ভ্ৰাম্যমাণ জগতত ৰুদ্ৰকণ্যাৰ নৱ সংযোজন - নাট্য
🎬 Watch Now: Feature Video
চিটাৰা ডেস্ক, 29 জুলাই: ভ্ৰাম্যমাণ জগতত নৱ সংযোজন থিয়েটাৰ ৰুদ্ৰকণ্যাৰ । চাৰিগৰাকী নাট্য ৰণুৱা একলগ হৈ মনত এক বৃহৎ সংকল্পৰে আগবাঢ়িছিল থিয়েটাৰ ৰুদ্ৰকণ্যাক বাস্তৱ ৰূপ দিয়াৰ বাবে । অৱশেষত থিয়েটাৰ ৰুদ্ৰকণ্যাৰ মুখ্য কাৰ্যালয়স্থিত যোৰহাট ঢ়চুঙী অঞ্চলত শুভ মহুৰত কাৰ্যসূচী সম্পন্ন হোৱাৰ লগতে নিশালৈ এক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন কৰা হয় ।
ইফালে, অনুষ্ঠানটিত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাৰ লগতে চুঙী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী তথা নাট্য জগতৰ লগত জড়িত বহু ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে, থিয়েটাৰ ৰুদ্ৰকণ্যাৰ মঞ্চত মুল অভিনয়ত ভাগ ল’ব অসমৰ জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাই ।
প্ৰথমটি নাট্য বৰ্ষৰ শুভ মহুৰত অনুষ্ঠানটেই প্ৰযোজকে কয় যে, ২০২৩-২৪ নাট্য বৰ্ষত থিয়েটাৰ ৰুদ্ৰকণ্যাৰ মঞ্চত তিনিগৰাকী অসমৰ ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট নাটক ৰচকৰ তিনিখন আটকধুনীয়া নাট ক্ৰমে উদ্বিপ্ত ভাস্কৰ কলিতাৰ "বনবাসী ৰাধা", খিতীশ বৰাৰ "সন্ধ্যাতৰা", আৰু কবিন ৰাজৰ "যোদ্ধা নায়ক" হাতত লোৱা হৈছে । গ্ৰাম্যাঞ্চলৰ পৰা কেইবাগৰাকীও তৰুন প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীক লৈ এনেদৰে প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ জগতত খোজ পেলাই সমগ্ৰ অসমবাসীৰ সহায় সহযোগ তথা আশীৰ্বাদ কামনা কৰিছে উদ্যোক্তাসকলে ।