Porobhat : ছিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব প্ৰভাত শৰ্মাৰ তথ্যচিত্ৰ পৰভাত - প্ৰভাত শৰ্মাৰ তথ্যচিত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 23, 2023, 5:43 PM IST

চিটাৰা ডেস্ক, 23 জুন: ছিমলাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আঠটা সংস্কৰণ সফলতাৰে সমাপ্ত হোৱাৰ পিচত হিমাচল প্ৰদেশৰ ৰাজধানী চহৰৰ হিষ্ট'ৰিকেল গেইটিথিয়েটাৰত অনুষ্ঠিত হ’ব নৱম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2023 ৷  

এই মহোৎসৱত প্ৰদৰ্শনৰ আনুষ্ঠানিক নিৰ্বাচন লাভ কৰিছে লোক-সংগীত শিল্পী, বাঁহীবাদক তথা সংগীত পৰিচালক প্ৰভাত শৰ্মাৰ জীৱন আৰু সংগীত বিষয়ক তথ্যচিত্ৰ ‘পৰভাত’ ৷  বিশিষ্ট ছবি পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালিত আৰু উইণ্ডছংছৰ বেনাৰত নিৰ্মিত তথ্যচিত্ৰখনিয়ে লাভ কৰা এই স্বীকৃতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰভাত শৰ্মাৰ কন্যা তথা কণ্ঠশিল্পী আৰু সংগীত পৰিচালক তৰালী শৰ্মাই ৷

উল্লেখ্য যে অসমৰ এগৰাকী সংগীতজ্ঞ হোৱাৰ লগতে বাঁহী বাদক আৰু লোকসংগীতৰ সাধক আছিল প্ৰভাত শৰ্মা । সন্ধ্যাৰাগ, সন্তান, ব্লেকমানী, সাৰথি, মোহমুক্তি, আপোনজন,অনল, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ আদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰে ৷

২০০১ চনত প্ৰভাত শৰ্মাই অসম চৰকাৰ ফালৰ পৰা লাভ কৰে শিল্পী দিৱস বঁটা ৷ অসমীয়া লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল প্ৰভাত শৰ্মাই ।

লগতে পঢ়ক:  OIFFA 2023: অট’ৱা ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ফুটপ্ৰিণ্টছ অন ৱাটাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিল হুছেইনলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.