BJPs Public Relation Campaign: হাইলাকান্দিত বিজেপিৰ জনসম্পৰ্ক অভিযানৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ - public relation minister Piyush Hazarika

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 13, 2023, 1:59 PM IST

কৰিমগঞ্জ, ১৩ জুন : হাইলাকান্দিত বিজেপিৰ জনসংযোগ প্ৰচাৰ বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । আনহাতে, সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ৰাজ্য চৰকাৰে বান প্ৰতিৰোধক যথেষ্ট গুৰুত্ব দিছে । নদীৰ মথাউৰি মেৰামতিৰ বাবে ৰাজ্যত মাত্ৰ ১০ লাখ জিঅ’ বেগহে ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ কয় ।

ইয়াৰ উপৰি বৰাকৰ নদীৰ মথাউৰি উন্নত কৰাৰ ক্ষেত্ৰতো চৰকাৰ সক্ৰিয় হৈ থকাৰ কথাও তেওঁ কয় । লগতে মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তেওঁ তৃতীয়বাৰৰ বাবে শিলচৰত বেটুকান্দি মথাউৰিৰ কাম-কাজৰ পৰ্যৱেক্ষণ কৰে । ৰাজ্যৰ জলসম্পদ তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই হাইলাকান্দিত দলৰ জনসংযোগ অভিযানৰ পৰ্যালোচনা কৰে ।

পৰ্যালোচনাৰ পাচত তেওঁ দাবী কৰে যে বতৰ ভাল হ’লে ৩০-৩৫ হাজাৰ কৰ্মী আৰু সমৰ্থক গোট খাব । আনহাতে, কৰিমগঞ্জ লোকসভাৰ আসনত বিজেপিৰ আধিপত্য বজাই ৰাখিবলৈ শাসকীয় শিবিৰে চেষ্টা কৰিব বুলিও মন্ত্রী পীযুষ হাজৰীকাই ইংগিত দিয়ে ৷

লগতে পঢ়ক :Assam weather report: ডিমা হাছাও জিলাত পাঁচ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.