thumbnail

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 4:42 PM IST

ETV Bharat / Videos

আইদেউ সন্দিকৈৰ মৃত্যু বাৰ্ষিকীত চৰকাৰৰ প্ৰতি ক্ষোভ স্থানীয় লোকৰ, কিন্তু কিয় ?

গোলাঘাট, 17 ডিচেম্বৰ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ ২১ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ এই উপলক্ষে আইদেউ সন্দিকৈৰ জন্মভূমি পানীদিহিঙিয়াত গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত কমাৰগাঁও শাখা সাহিত্য সভা আৰু ৰাইজৰ সহযোগত এক সোঁৱৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

অভিনেত্ৰীগৰাকীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয়ত পুৱা পতাকা উত্তোলন কৰাৰ পিচত তেখেতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সাহিত্য সভাৰ বিষয়ববীয়াসকলে ৷ ইয়াৰ পিচতে এখনি সোঁৱৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ য’ত উপস্থিত থাকে স্থানীয় লোকৰ লগতে গোলাঘাট জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল ৷

ইফালে আইদেউ সন্দিকৈৰ স্মৃতি ৰক্ষাৰ বাবে কোনো পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকৰ লগতে সাহিত্য সভাৰ বিষয়ববীয়াই । বহুসংখ্যক স্থানীয় ৰাইজৰ উপস্থিতিত আইদেউ সন্দিকৈৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰাৰ ।  

লগতে পঢ়ক: অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি মৃত্যুবাৰ্ষিকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.