thumbnail

Congress Protest in Abhayapuri: অভয়াপুৰীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

By

Published : Jun 12, 2023, 9:42 PM IST

বঙাইগাঁও, 12 জুন: বঙাইগাওঁ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে অভয়াপুৰীতো কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ সময় মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনত দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰৰ দাবীৰে অভয়াপুৰীত কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷  

অসমৰ ভিন্ন ঠাইৰ লগতে বঙাইগাওঁ জিলাৰ ব‌ইটামাৰী, টাপাট্টাৰী, সৃজনগ্ৰাম আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে ৷ পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনত দলীয় ব্যৱহাৰৰ দাবী পৰ্তিবাদকাৰী সকলৰ ৷  

বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ধৰাশায়ী হোৱাৰ ভয়ত কম্পমান‌ হৈ দলীয় প্ৰতীক অবিহনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ কংগ্ৰেছৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে অভয়াপুৰীত কংগ্ৰেছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ৰাইজৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনত দলীয় প্ৰতীক ব্যৱহাৰৰ দাবী তুলি উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Congress Protest in Manikpur: পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ দাবী; মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদ
 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.