thumbnail

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 11:01 AM IST

ETV Bharat / Videos

কুসুম কৈলাসৰ বসন্তৰ উতলা বা শীৰ্ষক গীতৰ এলবাম মুকলি

চিটাৰা ডেস্ক, 27 ডিচেম্বৰ: চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ভোগালী  ৷ সেয়ে, তাৰ পূৰ্বে অসমবাসীক বিহুৰ সোৱাদ দিবলৈ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে মুকলি কৰিলে বিহুসুৰীয়া গীতৰ এটি নতুন এলবাম ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে তেওঁৰ অনুৰাগীৰ বাবে শুভমুক্তি দিছে "বসন্তৰ উতলা বা" শীৰ্ষক গীতৰ এলবামটি ৷

মৰাণৰ ষ্টুডিঅ’ সৃষ্টি-দা ক্ৰিয়েটিভ আইত মঙলবাৰে নিশা "বসন্তৰ উতলা বা" শীৰ্ষক গীতৰ এলবামটি উন্মোচন কৰে শিল্পীগৰাকীয়ে ৷ গীতৰ কথা আৰু সুৰ কুসুম কৈলাস আৰু শৰত শ্ৰাৱণৰ ৷ শব্দ সংমিশ্ৰণ উজ্জ্বল আৰঙৰ ৷ পূৰ্বৰ গীতসমূহৰ দৰে এই গীতৰ এলবামটিও অসমবাসীয়ে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে শিল্পীজনে ৷

শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্টযোগে অনুৰাগীক এই এলবামটিৰ কথা প্ৰকাশ কৰিছিল ৷ কুসুম কৈলাসে লিখিছিল, ‘‘ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত, সকলোলৈ সমাগত ভোগালী বিহুৰ অফুৰন্ত শুভ কামনা যাচি অহাকালিলৈ মোৰ এটি নতুন বিহুগীত "বসন্তৰ উতলা বা" আপোনালোকলৈ আগবঢ়ায় দিম / পূৰ্বৰ গীতবোৰৰ দৰে এই গীত টোকো আপোনালোকে নিজৰ কৰি লয় যেন ৷’’

লগতে পঢ়ক: মুক্তি পালে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ নতুন টাই গীত ৰূপহী টাই গাভৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.