ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত কেনেকৈ উটি আহিল দুটাকৈ নিথৰ দেহ ? - DEAD BODY RECOVERED

ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত দুটাকৈ মৃতদেহ উদ্ধাৰ । মৃতদেহ দুটা নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু স্কুল ভেনচালক হীৰক দাসৰ বুলি সন্দেহ ।

Body of student and youth found on banks of Brahmaputra in Guwahati
ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত দুটাকৈ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2024, 7:50 PM IST

গুৱাহাটী: গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ ছাত্ৰী আৰু যুৱকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহ দুটি ৪ দিন পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু স্কুল ভেনচালক হীৰক দাসৰ বুলি সন্দেহ কৰা হৈছে । ২৪ ডিচেম্বৰৰ পুৱতি নিশা জালুকবাৰী গাড়ীগাঁৱৰ লুইতপাৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী স্কুল ভেনচালক হীৰক দাসৰ সৈতে ওলাই গৈছিল । সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি টি ভি কেমেৰাত ।

ইয়াৰ পিছতে পৰিয়ালৰ লোকে বহু বিচাৰ-কোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ নকৰিলে । জালুকবাৰী আৰক্ষী চকীত কিশোৰীগৰাকী অপহৰণ হোৱা বুলি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ।

ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত দুটাকৈ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

বিচাৰ-খোচাৰ চলি থকাৰ মাজতে শুকুৰবাৰে পুৱা গাড়ীগাঁৱৰ গাঁওবুঢ়া পাৰৰ ব্ৰহ্মপুত্ৰৰ পানীৰ যুৱলিত ওপঙি থকা অৱস্থাত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে মৃতদেহ দুটা ছাত্ৰীগৰাকীৰ আৰু স্কুল ভেনৰ চালকজনৰ বুলি সন্দেহ কৰা হয় । যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । ইফালে মৃতদেহ দুটা ছাত্ৰীগৰাকী আৰু স্কুল ভেনচালক হীৰক দাসৰ বুলি পৰিয়ালৰ লোকে দাবী কৰে যদিও বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই ।

আনহাতে ১৩ বছৰীয়া ছাত্ৰীগৰাকী আৰু স্কুল ভেনচালক হীৰকে চৰম পন্থা গ্ৰহণ কৰিলে নে তেওঁলোকক হত্যা কৰা হ'ল সেয়াও ৰহস্যৰ আৱৰ্তত । জানিব পৰা মতে ১৩ বছৰীয়া ছাত্ৰীগৰাকীক নিতৌ স্কুললৈ অনা নিয়া কৰিছিল স্কুল ভেনখনৰ চালক হীৰক জ্যোতি দাসে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়,"পুৱাৰভাগত খবৰ পাইছিলোঁ যে দুটা মৃতদেহ পোৱা গৈছে ব্ৰহ্মপুত্ৰ মাজত । উটি আহিছে বুলি মানুহে সন্দেহ কৰিছে কিন্তু আমি একো ক'ব নোৱাৰোঁ । আমি দণ্ডাধীশক মাতিলোঁ । চি আই ডি টীমো আহি পাইছে । মৃতদেহ দুটা বৰ্তমানলৈ প্ৰকৃতভাৱে চিনাক্ত হোৱা নাই । দণ্ডাধীশে চোৱাৰ পিছতহে আমি চিনাক্ত কৰিব পাৰিম । পোচাকত বহুতে বহুতে বহু কথা কৈ আছে । কিন্তু আমি তথ্য-প্ৰমাণৰ ভিত্তিত আগবাঢ়িম ।"

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেমত পৰি ইয়াতেই শেষ নিশ্বাস: আমেৰিকান বাইক ৰাইডাৰ থমছনৰ শেষকৃত্য সম্পন্ন - BERRY THOMSONS FUNERAL IN NAGAON

ভূপেনৰ কাণ্ডত স্তম্ভিত সৰিয়হতলীবাসী - GUWAHATI MURDER CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.