গুৱাহাটী : প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং বিশিষ্ট অৰ্থনীতিবিদ তথা অৰ্থনৈতিক উদাৰীকৰণৰ হোতা হিচাপে পৰিচিত যদিও তেওঁ অসমবাসীৰ আগত এক অন্য ৰূপত পৰিচিত । তেওঁ ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ পাঁচবাৰকৈ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । এসময়ত স্তব্ধ হৈ পৰা অসম চুক্তিক তেওঁৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল ।
মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দীৰ্ঘসময় প্ৰায় স্তব্ধ হৈ পৰা অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, আছু আৰু অসম চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকখন এক ঐতিহাসিক বুলি পৰিগণিত হৈছিল । এই বৈঠকতে প্ৰথমবাৰৰ বাবে নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত লোৱা হৈছিল । লগতে প্ৰধানমন্ত্ৰীৰ পৰ্যায়ত ত্ৰিপাক্ষিক বৈঠকৰ মাজেৰে প্ৰথমবাৰৰ বাবে অসম চুক্তিৰ আধাৰত অসম-বাংলাদেশ সীমান্ত সম্পূণ ছীল কৰাৰ সিদ্ধান্ত হৈছিল ।
উল্লেখ্য যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ, অসম চৰকাৰ আৰু আছুৰ লগত প্ৰথমখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল । ২০০৫ চনৰ ৫ মে'ত এই বৈঠকখন অনুষ্ঠিত হৈছিল ।
বৈঠকত আছুৰ প্ৰতিনিধি দলত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, শংকৰ প্ৰসাদ ৰায়, প্ৰবীণ বড়ো, বিশিষ্ট শিক্ষাবিদ অধ্যাপক বসন্ত ডেকা, তপন গগৈ উপস্থিত আছিল । ইপিনে বৈঠকত তদানীন্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী শিৱৰাজ পাটিল, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা এম কে নাৰায়ণন, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ চি ৰংগৰাজন, কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলে বৈঠকত উপস্থিত আছিল ।
এই সন্দৰ্ভত আছুৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা তদানীন্তন আছুৰ নেতা প্ৰবীণ বড়োৱে কয়, "সেইখন ঐতিহাসিক বৈঠক আছিল । কাৰণ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অসম চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আছুৰ লগত এইখনে প্ৰথম ত্ৰিপাক্ষিক বৈঠক আছিল । এই বৈঠকতে প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।"
তেওঁ লগতে কয়, "বৈঠকখনত কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা হৈছিল । কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছিল । নিশ্চিতভাৱে ক'ব পাৰি যে এই বৈঠকখনে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত এক অন্য মাত্ৰা প্ৰদান কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত এইবোৰ সঠিকভাৱে কাৰ্যকৰী নহ'ল ।"
ইপিনে সেইসময়ত বৈঠকখনত আছুৰ প্ৰতিনিধি দলত উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ বসন্ত ডেকাই এই সন্দৰ্ভত কয়, "অসম চুক্তি ৰূপায়ণ হোৱাৰ ১৯ বছৰ পিছত প্ৰধানমন্ত্ৰী পৰ্যায়ত এইখনে অসম চুক্তি সন্দৰ্ভত প্ৰথমখন ত্ৰিপাক্ষিক বৈঠক আছিল । অসম চুক্তি ৰূপায়ণৰ সন্দৰ্ভত এয়া প্ৰথম খোজ আছিল । এই বৈঠকতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল । সেই দিশৰ পৰা এই বৈঠকখন ঐতিহাসিক আছিল । বৈঠকখনে অসম চুক্তি ৰূপায়ণ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াক ত্বৰাম্বিত কৰিছিল ।"
এই ত্ৰিপাক্ষিক বৈঠকত কি কি সিদ্ধান্ত হৈছিল
অসম চুক্তি ৰূপায়ণ, বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজন ৰোধ আৰু অসমৰ অৰ্থনৈতিক উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত বৈঠকখন অনুষ্ঠিত হৈছিল । বৈঠকত মূলতঃ নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল । লগতে ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰ প্ৰদান কৰা সিদ্ধান্ত হৈছিল ।
অসম চুক্তিৰ আধাৰত অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰাৰ সিদ্ধান্ত হৈছিল । আই এম ডি টি আইন বাতিল কৰা, অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়াৰ ৰক্ষাকৱচ দিয়া, উত্তৰ-পূব পৰিষদক পুনৰুজ্জীৱিত কৰা, ব্ৰহ্মপুত্ৰ উপত্যকা উন্নয়ন প্ৰাধিকৰণ গঠন আৰু সীমান্তত টহল বৃদ্ধিৰ বাবে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত বেটালিয়ন গঠন কৰা, অসমৰ বানপানীৰ সমস্যাক এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অসমত এইমছ স্থাপন কৰা আদি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছিল ।