হায়দৰাবাদ: মেটাই নিজৰ নতুন কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট মেটা এআইৰ জৰিয়তে হোৱাটছএপ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে অহৰহ যত্ন কৰি আহিছে । চেট অধিক স্মাৰ্ট আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ ভাৰত আৰু অন্যান্য দেশত এই বৈশিষ্ট্য ক্ৰমান্বয়ে প্ৰৱৰ্তন কৰা হৈছে । হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মালিক কোম্পানী মেটাৰ দ্বাৰা নিৰ্মিত এই এআইত ব্যৱহাৰ কৰা হৈছে Llama ভাষাৰ মডেল ।
ব্যৱহাৰকাৰীসকলে ইয়াক প্ৰশ্নৰ উত্তৰ দিবলৈ, লিখনী বিষয়বস্তু প্ৰস্তুত কৰিবলৈ, বিৱৰণীৰ পৰা ছবি সৃষ্টি কৰিবলৈ আৰু অন্যান্য বহুতো কামৰ লগতে সাৰাংশ আৰু অনুবাদত সহায় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে । বৰ্তমান ই কেৱল ইংৰাজী ভাষাতহে উপলব্ধ আৰু ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া, যুক্তৰাজ্য, কানাডা, ছিংগাপুৰ আদি দেশত ব্যৱহাৰ কৰিব পাৰি ।
ভৱিষ্যতে ইয়াক বিশ্বজুৰি আৰু অধিক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে । হোৱাটছএপৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হোৱাটোৱে উৎপাদনশীলতা আৰু সৃষ্টিশীলতা বৃদ্ধি কৰাত সহায় কৰে আৰু কেৱল ইয়াৰ প্ৰতি নিৰ্দেশিত বাৰ্তা প্ৰক্ৰিয়াকৰণ কৰি গোপনীয়তা নিশ্চিত কৰে ।
Meta AI কেনেকৈ ব্যৱহাৰ কৰিব
ব্যক্তিগত চেটত Meta AI ৰ সৈতে কেনেকৈ যোগাযোগ কৰিব লাগে ইয়াত উল্লেখ কৰা হৈছে
WhatsApp খোলক: আপোনাৰ Android বা iOS ডিভাইচত WhatsApp খোলক
মেটা এআই আইকন: এণ্ড্ৰইডত মেটা এআই আইকন মূল পৰ্দাত থকা ‘নতুন চেট’ বুটামৰ ঠিক ওপৰত থাকে । iOS ব্যৱহাৰকাৰীৰ বাবে ইনবক্সৰ ভিতৰত পৰ্দাৰ ওপৰত আইকনটো দেখা দিয়ে ।
‘চেট উইণ্ড' খোলক: এটা নিৰ্দিষ্ট চেট উইণ্ড' খুলিবলৈ মেটা এআই আইকন ক্লিক কৰক । এই চেট উইণ্ড'ত, আপুনি AI ৰ সৈতে এটা চেটিং আৰম্ভ কৰিব পাৰে ।
এটা প্ৰশ্ন কৰক: এবাৰ চেট খোলাৰ পাচত আপোনাৰ প্ৰশ্ন বা প্ৰমপ্ট টাইপ কৰক । মেটা এআইয়ে বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়ে ।
ছবি এখন সৃষ্টি কৰিবলৈ: এখন ছবি সৃষ্টি কৰিবলৈ, 'imagine' লিখক আৰু তাৰ পিছত আপুনি বিচৰা ছবিখনৰ বিৱৰণ লিখক ।
মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে মেটা এআইয়ে আপোনাৰ বৰ্ণনাৰ ওপৰত ভিত্তি কৰি এখন ছবি সৃষ্টি কৰিব । এই বৈশিষ্ট্য বিশেষভাৱে সৃষ্টিশীল ধাৰণাসমূহ দৃশ্যমান বা অনন্য গ্ৰাফিক্স সৃষ্টিৰ বাবে উপযোগী ।