ETV Bharat / state

কেতিয়াও গুৱাহাটীলৈ আহিম বুলি ভবা নাছিলোঁ: দুর্গেশ্বৰ সোণোৱাল - PRATIMA PANDEY DEATH ANNIVERSARY

গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২ সংখ্যক মৃত্যু দিৱসত লোকসংস্কৃতিৰ সাধক দুর্গেশ্বৰ সোণোৱালক বঁটা প্ৰদান ।

Pratima Baruah Pandey memorial award to folk artist Durgeshwar Sonowal
লোকসংস্কৃতিৰ সাধক দুর্গেশ্বৰ সোণোৱালক বঁটা প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 16 hours ago

গুৱাহাটী: অসমকন্যা তথা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২ সংখ্যক মৃত্যু দিৱস । গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি যুগমীয়া কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে এই দিনটোতে ৰাজ্যখনৰ বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰি আহিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ।

২০০৭ চনৰে পৰা সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰদান কৰি অহা প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এই বৰ্ষত আগবঢ়োৱা হয় বিশিষ্ট লোকশিল্পী দুর্গেশ্বৰ সোণোৱাল ওৰফে দীঘলালৈ ।

লোকসংস্কৃতিৰ সাধক দুর্গেশ্বৰ সোণোৱালক বঁটা প্ৰদান (ETV Bharat Assam)

শুকুৰবাৰে আছুৰ উদ্যোগত প্রতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্ত্তিস্থলী, চানমাৰি শ্বহীদ উদ্যানত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ মেছলৌ গাঁৱৰ নিৱাসী ৮৬ বছৰীয়া বিশিষ্ট লোকশিল্পী, লোক সংস্কৃতিৰ সাধক, প্ৰসাৰক আৰু প্ৰচাৰক দীঘলা ওৰফে দুর্গেশ্বৰ সোণোৱালক গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে গামোচা, চেলেং চাদৰ, শৰাই, ফুলৰ তোৰা, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগদ ধন ।

এই বঁটা গ্ৰহণ কৰি বিশিষ্ট লোকশিল্পীগৰাকীয়ে কয়,"মই কেতিয়াও গুৱাহাটীলৈ আহিম বুলি ভবা নাছিলোঁ । প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছোঁ । ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে নথৈ সুখী হৈছোঁ । ১৯৫৬ চনৰ পৰা গায়ন বায়ন, বিহু হুচৰিৰ লগত জড়িত হৈ আছোঁ । বয়স হোৱাৰ লগে লগে গাত শক্তি নোহোৱাত ডেকাসকলে গায়ন বায়ন, বিহু হুচৰি গাই থাকে মই কাষতে বহি চাই থাকো ।"

দুর্গেশ্বৰ (দীঘলা) সোণোৱাল:

সোণোৱাল কছাৰী জনগোষ্ঠীৰ দুৰ্গেশ্বৰ সোণোৱালে ডিব্ৰুগড়ৰ টিংখাঙৰ মেছলৌ গাঁৱৰ পৰা কৰি অহা লোককৃষ্টিৰ সাধনাৰ যাত্ৰাই অসমৰ লোককৃষ্টি জগতক বিশেষভাবে মহীয়ান কৰি তুলিছে । সোণোৱাল কছাৰী জনগোষ্ঠীৰ অন্যতম সাংস্কৃতিক সম্পদ 'মৃদঙীয়া গায়ন-বায়ন'ৰ এগৰাকী প্রণিধানযোগ্য সাধক তেওঁ । মৃদঙীয়া বৰবায়নৰূপে আছে তেওঁৰ সুকীয়া প্রসিদ্ধি । সুদীর্ঘ দিন ধৰি মৃদঙীয়া গায়ন-বায়নৰ চর্চা, অনুশীলন, প্রশিক্ষণ আৰু পৰিৱেশনৰ দ্বাৰা মৃদঙীয়া গায়ন-বায়ন শৈলীৰ সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰি আহিছে ।

নতুন প্রজন্মক মৃদঙীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে অগ্রণী ভূমিকা গ্ৰহণ কৰিছে । সোণোৱাল কছাৰী জনগোষ্ঠীৰ টেপৰগুৰি ক্ষত্রিয় শালৰ পৰিচালনা সমিতিৰ দীঘলীয়া কার্যকালৰ সভাপতিৰূপে সোণোৱালে আগবঢ়োৱা সেৱা জনসমাজত বন্দিত হৈ আছে আৰু সদায় থাকিব । সোণোৱাল কছাৰী জনগোষ্ঠীৰ আপুৰুগীয়া সম্পদ 'হাইদাং হুঁচৰি গীত'ৰ এগৰাকী একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱাল ।

প্ৰতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগৰ ঘৰ সংৰক্ষণৰ তাৰিখ ঘোষণাৰ দাবী:

বঁটা প্ৰদান অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়,"অসমৰ লোক সংস্কৃতিৰ পথাৰখনত নীৰৱে কাম কৰি থকা লোক সাংস্কৃতিৰ সাধকক প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে । এইবাৰ লোকসংস্কৃতিৰ সাধক দীঘলা ওৰফে দুর্গেশ্বৰ সোণোৱালক প্ৰদান কৰা হৈছে । তেখেতে দীৰ্ঘকাল ধৰি লোক সংস্কৃতিৰ সাধনা কৰি আহিছে । তেখেতক ভগৱানে শক্তি দিয়ক যাতে নতুন প্ৰজন্মক লোকসংস্কৃতিৰ শিক্ষা প্ৰদান কৰিব পাৰে ।"

তেওঁ লগতে কয়,"আজিৰ দিনটোত চৰকাৰলৈ আমাৰ দাবী প্ৰতিমা বৰুৱা পাণ্ডেৰ মাটিয়াবাগৰ ঘৰটো কেতিয়া সংগ্ৰহালয় কৰিব তাৰ তাৰিখ ঘোষণা কৰিব লাগে । অসমৰ শিক্ষানুষ্ঠানত লোকসংস্কৃতিৰ বিষয় থাকিব লাগে আৰু সকলো জাতি-জনগোষ্ঠীৰ লোকসংস্কৃতিৰ প্ৰসাৰৰ বাবে ৰাজ্যিক সংগ্ৰহালয় স্থাপন কৰিব লাগে ।" উল্লেখ্য যে উক্ত অনুষ্ঠানত আছুৰ সভাপতি উৎপল শর্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চর্জুন হাঞ্চেকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: লোকশিল্পী দুৰ্গেশ্বৰ সোণোৱাললৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা - PRATIMA PANDEY MEMORIAL AWARD

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক মৃত্যু দিৱসত সশ্ৰদ্ধ নমন - PRATIMA PANDEY DEATH ANNIVERSARY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.