thumbnail

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:18 AM IST

ETV Bharat / Videos

Amitabh Bachchan Birthday: নিশা ১২ বজাত জলসাৰ বাহিৰত সমবেত অনুৰাগী, অনুৰাগীৰ সৈতে জন্মদিন উদযাপন বিগ বিৰ

চিটাৰা ডেস্ক, 11 অক্টোবৰ: ভাৰতীয় চিনেমাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ আজি 81 সংখ্যক জন্মদিন । এই বিশেষ ক্ষণত মেগাষ্টাৰগৰাকীৰ ঘনিষ্ঠ আৰু অনুৰাগীসকলে তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে । কেৱল ইমানেই নহয়, নিশা 12 বজাত বিগ বিক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আৰু তেখেতক এবাৰ দেখিবলৈ জলসাৰ বাহিৰত ভিৰ কৰে হি অনুৰাগীয়ে ৷ অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই অমিতাভ বচ্চনেও ঘৰৰ পৰা ওলাই আহি অনুৰাগীক সাক্ষাৎ কৰে ৷ ইফালে এই বিশেষ ক্ষণৰ সাক্ষী হোৱা দেখা গ’ল অভিনেতাগৰাকীৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনকে ধৰি নাতিনীয়েক আৰাধ্যা বচ্চন আৰু নব্যা নভেলী নন্দাক ৷

জন্মদিনত অনুৰাগীক সাক্ষাৎ কৰিলে বিগ বিয়ে

শেহতীয়াকৈ অমিতাভ বচ্চনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভাইৰেল ভিডিঅ’টোত কিংবদন্তি ছুপাৰষ্টাৰগৰাকীয়ে জলসাৰ বাহিৰত সমবেত হোৱা অনুৰাগীসকলক সম্বোধন জনোৱা দেখা গৈছে ৷ কোনোবাই যদি অভিনেতাগৰাকীৰ বাবে কেক লৈ আহিছিল, আন কোনোবাই আকৌ উপহাৰ লৈ আহিছিল অভিনেতাগৰাকীৰ বাবে ৷ আনহাতে এনে অনুৰাগীও আছিল যিয়ে নিজৰ শৰীৰত অংকন কৰিছিল অভিনেতাগৰাকীৰ টেটু ৷ জলসাৰ বাহিৰত অনুৰাগীৰ এনে মৰম দেখি আপ্লুত হৈ পৰে অভিনেতাগৰাকী ৷ ইফালে ভিডিঅ’টোৰ এটা বিশেষ কথাই দৃষ্টি আকৰ্ষণ কৰে নেটিজেনৰ, সেয়া হ’ল জলসাৰ গেটত কন্যা আৰাধ্যা বচ্চন আৰু ভাগিনীক নব্যা নভেলী নন্দাৰ সৈতে থিয় হৈ থকা ঐশ্বৰ্য ৰায় বচ্চন ।  

লগতে পঢ়ক: Rajamouli Birthday: ৰাম চৰণ-জুনিয়ৰ এন টি আৰে ৰাজামৌলীৰ জন্মদিনত এনেদৰে জনালে শুভেচ্ছা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.