Citizenship Amendment Act: অসমীয়া জাতিক সংখ্যালঘু কৰাৰ বাবে CAA অসমত জাপি দিব বিচাৰিছে: অখিল গগৈ - Union Home Minister AmiT Shah

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 5, 2022, 9:37 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

ৰাজ্যত পুনৰ নাগৰিকত্ব সংশোধনী আইনক লৈ আন্দোলনমুখী পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে । কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) শেহতীয়াকৈ মহামাৰী কৰ'ণা শেষ হোৱাৰ পিছতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ পাছতে ৰাজ্যৰ দল-সংগঠনসমূহ পুনৰ কা-ৰ বিৰোধীতাৰে জাঙুৰ খাই উঠিছে । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি চৰকাৰক তীব্ৰ সমালোচনাৰ কৰে (Akhil Gogoi reacts about CAA) । অখিল গগৈয়ে অসমীয়া জাতিক সংখ্যালঘু কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে CAA অসমত জাপি দিব বিচাৰিছে বুলি উল্লেখ কৰে ৷ লগতে কা আমাৰ ওপৰত জাপি দিবলৈ কেতিয়াও অনুমতি দিব নোৱাৰি বুলি উল্লেখ কৰি এই আইন কাৰ্যকৰী কৰিলে ব্যাপক ৰূপত আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে ৷ লগতে জীৱন মৰণ দি হ'লেও কা বিৰোধী আন্দোলন কৰিব বুলিও কয় অখিল গগৈয়ে (Protest against CAA) । কা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিলে প্ৰতিজন অসমীয়াক ঐক্যবদ্ধ হৈ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনালে অখিল গগৈয়ে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.