Adil Hussain on NH: গছ নাকাটিব ! ফেচবুক যোগে আহ্বান অভিনেতা আদিল হুছেইনৰ

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 5:43 PM IST

thumbnail

চিটাৰা ডেস্ক, 27 অক্টোবৰ: শেহতীয়াকৈ অসম সন্তান তথা বিশিষ্ট অভিনেতা আদিল হুছেইনে ফেচবুকত লাইভ আহিছিল ৷ অভিনেতাগৰাকীয়ে এটা বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ ফেচবুক লাইভত আহিছিল ৷ দৰাচলতে শেহতীয়াকৈ পৰিচালক ৰীমা দাসে এটা ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছিল ৷ য’ত তেওঁ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে থকা বৃহৎ আকাৰৰ গছ কেইজোপা সংৰক্ষণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছিল ৷

ৰীমা দাসে নিজৰ পোষ্টটোত কৈছিল যে ৰাস্তাৰ দুয়োপাৰে থকা বৃহৎ আকাৰৰ প্ৰায় 2 হাজাৰ গছক নাম্বাৰ দিয়া হৈছে ৷ কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ উন্নত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সেই কেইজোপা গছ কটাৰ সিদ্ধান্ত লৈছে ৷ এই সন্দৰ্ভত সেই বৃহৎ আকাৰৰ তথা বৃহৎ সংখ্যক গছকেইজোপা সংৰক্ষণ কৰিবলৈ ৰীমা দাসে আহ্বান জনাইছিল ৷ এতিয়া ৰীমা দাসৰ এই পোষ্টটোৰ প্ৰতি সঁহাৰি অভিনেতাগৰাকীয়েও এই গছ কেইজোপা সংৰক্ষণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা চৰকাৰলৈ আহ্বান জনাইছে ৷

অভিনেতাগৰাকীয়ে কয় যে গছ অবিহনে আমি কোনেও জীয়াই থাকিব নোৱাৰিম ৷ জীৱন জীয়াই থাকিবলৈ গছ আমাৰ বাবে অত্যন্ত জৰুৰী ৷ সেয়ে তেওঁ চৰকালৈ আহ্বান জনায় কয় যে এই গছকেইজোপাৰ কোনো ক্ষতি নকৰাকৈ কেনেকৈ আমি ৰাষ্ট্ৰীয় ঘাইপথ বনাব পাৰো তাৰ ওপৰত চিন্তা কৰিব লাগে ৷ তেওঁ কয় যে যদি ইচ্ছা থাকে সকলো সম্ভৱ হৈ উঠিব ৷ অলপ সময় কিম্বা অলপ ধন খৰচ হ’ব পাৰে কিন্তু এই কেইজোপা গছ সংৰক্ষণ কৰাৰ নিশ্চয় ব্যৱস্থা আছে ৷

লগতে পঢ়ক: Latest Bihu Fusion song Ibaasi : টাইম স্কোৱাৰৰ পৰা বিশ্বই শুনিলে পাপনৰ কণ্ঠ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.