Drinking Water Problem : নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে মাধৱদেৱ নগৰৰ বাসিন্দাই

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 3, 2022, 7:31 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

এটুপি খোৱা পানীৰ বাবে ত্ৰাহি মধুসূদন সোঁৱৰিছে মহানগৰবাসীয়ে (drinking water problem of Guwahati people) ৷ খৰাং বতৰ আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ পাহাৰীয়া অঞ্চলসমূহৰ উপৰিও অধিকাংশ ঠাইতে ভূ-গৰ্ভৰ পানীৰ স্তৰ শুকাই গৈছে । ব্যক্তিগত কুঁৱা, নলী-নাদ আৰু জান-জুৰি সমূহৰ পানীৰ স্তৰ নিম্নগামী হৈ পৰাত সম্প্ৰতি খোৱাপানীৰ অভাৱত ভুগিছে মহানগৰীৰ বাসিন্দাসকলে । উল্লেখ্য যে, পশ্চিম গুৱাহাটী সমষ্টি তথা গুৱাহাটী পৌৰ নিগমৰ ১০ নং ৱাৰ্ডৰ অন্তৰ্গত মালিগাঁও মাধৱদেৱ নগৰৰ বাসিন্দা সকলে সম্প্ৰতি ভুগিছে খোৱা পানীৰ সমস্যাত । সেয়ে এতিয়া নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মাধৱদেৱ নগৰৰ বাসিন্দাই ৷ কিন্তু এই ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অঞ্চলটটোৰ বাসিন্দাৰ ৷ উল্লেখ্য যে, চৰকাৰী পানী যোগান আঁচনিবোৰে জনসাধাৰণক পর্যাপ্ত পানী যোগান ধৰিব নোৱৰাৰ ফলত বর্তমান মহানগৰীত খোৱাপানীৰ সমস্যাটোৱে অধিক জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.