টীয়কত মহিলাই মিলি নিৰ্মান কৰিছে ৰিং বান্ধ - টীয়ক এনৰেগা আঁচনি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 2, 2021, 5:08 PM IST

চৰকাৰে সাধাৰণ ৰাইজৰ হিতাৰ্থে ঘোষণা কৰা এনৰেগা, জব কাৰ্ড আদি আঁচনিৰ ৰূপায়নৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ কথাই সময়ে সময়ে পোহৰলৈ আহে ৷ কিন্তু ইয়াৰ মাজতে টীয়কৰ এটা বিশেষ অঞ্চলৰ দেখিবলৈ পোৱা গৈছে এনৰেগা আঁচনিৰ সফল ৰূপায়ন ৷ টীয়কৰ ৫ নং পূৱ টীয়ক গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ঘুগুৰাগুৰি পৰা কটাৰিখাম গঁড় সংযোগী ৰিং বান্ধ নিৰ্মাণত অঞ্চলটোৰ মহিলাই গ্ৰহণ কৰিছে বিশেষ ভূমিকা ৷ অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক মহিলাই নিয়াৰিকৈ আঁচনিখনৰ সফল ৰূপায়ণত অৰিহণা যোগাইছে । প্ৰতিদিনে কাম কৰি মহিলাসকলে ২১৩ টকা মজুৰি লাভ কৰি নিজৰ লগতে পৰিয়ালটোক আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে । মহিলাসকলৰ এনে কৰ্মৰাজিক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.