thumbnail

By

Published : Aug 23, 2021, 1:41 PM IST

ETV Bharat / Videos

চুৰি মিঠাতেল বিচাৰি ৰূপহীহাটত শোণিতপুৰ আৰক্ষী

ৰূপহীহাটত শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই দৈনিক বজাৰৰ পৰা আটক কৰে আনাৰুল ইছলাম নামৰ এজন ব্যৱসায়ীক । তেজপুৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চুৰি হোৱা প্ৰায় 800 কাৰ্টন মিঠাতেল অবৈধভাৱে ক্ৰয় কৰাৰ অভিযোগত আটক কৰে ব্যৱসায়ীজনক । শোণিতপুৰ আৰক্ষীয়ে মৰিগাঁৱৰ তেলাহীৰ পৰা আটক কৰা গাড়ীচালক আইনুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত চলাইছিল এই অভিযান । প্ৰায় 12 লাখ টকা মূল্যৰ মিঠাতেল ক্ৰয় কৰিছিল ধৃত ব্যৱসায়ী আনাৰুলৰ লগতে ৰূপহীহাটৰ নুৰুল ইছলাম আৰু কোৰবান আলী নামৰ আন দুজন ব্যৱসায়ীয়ে । ব্যৱসায়ী নুৰুলৰ গুদামত আৰক্ষীয়ে অভিযান চলাই তলা ওলোমাই দিবলৈ বাধ্য হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.