পাঠশালাত চলিছে সাৰৰ ক’লা বজাৰ : হাহাকাৰ কৃষকৰ
🎬 Watch Now: Feature Video
ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ নতুন চৰকাৰখনে কৃষক ৰাইজৰ সমস্যা লাঘব কৰাৰ বাবে ন ন আঁচনি ৰূপায়ন কৰাৰ পাছতো যেন সমস্যাই লগ এৰা দিয়া নাই ৰাজ্যৰ কৃষক সকলৰ । ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে শালিধান ৰোপনৰ বাবে পথাৰত কৃষক নামিছে যদিও ঠায়ে ঠায়ে দেখা দিছে পানীৰ সমস্যাই । প্ৰখৰ ৰ’দতো হাড়ভঙা শ্ৰম কৰা কৃষকৰ বৰ্তমান খেতিপথাৰত ছটিয়াবলৈ সাৰৰ অভাৱ । ইয়াৰ সুযোগ লৈ পাঠশালাত অসাধু ব্যৱসায়ীয়ে আৰম্ভ কৰিছে সাৰৰ এখন ক’লা ব্যৱসায় ৷ ইয়াৰ পিছতো নিয়ন্ত্ৰণ নাই পাঠশালা কৃষি বিভাগৰ । মন্ত্ৰী অতুল বৰাৰ নেতৃত্বাধীন বিয়াগোম কৃষি বিভাগে প্ৰতিজন কৃষকে ৰাজসাহায্য যুক্ত সাৰ পাব বুলি ঘোষণা কৰাৰ বিপৰীতে কৃষকে ক'লা বজাৰত কিনিব লগীয়া হৈছে সাৰ । যাৰ বাবে লহপহকৈ বাঢ়ি অহা শালিধানৰ কঠীয়া ৰঙচুৱা পৰিবলৈ ধৰাত মূৰে-কপালে হাত দিছে সাধাৰণ কৃষক ৰাইজ । বজালীৰ তিতকা, গোবিন্দপুৰ, মাজিউপাৰা, বেলনা, দুমুৰীয়া আদি অঞ্চলসমূহৰ খেতিপথাৰৰ এই দৃশ্য মন কৰক । পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা কৃষকে পোৱা নাই সাৰৰ উচিত যোগান । যাৰ বাবে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনৰ ওপৰতে ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ কৃষক ৰাইজে ।