thumbnail

By

Published : Aug 20, 2021, 7:14 PM IST

ETV Bharat / Videos

চৰ অঞ্চলৰ লোকসকলক উচ্ছেদৰ পূৰ্বে পুন: সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী চৰকাৰক

শুকুৰবাৰে ধলপুৰত উপস্থিত হয় কংগ্ৰেছ বিধায়কৰ এটা দল । বিধায়ক বসন্ত দাস, জাকিৰ হুছেইন শিকদাৰ আৰু দিগন্ত বৰ্মনে চৰ অঞ্চলটোত উপস্থিত হৈ এখন সভাত মিলিত হয় । ছিপাঝাৰৰ প্ৰস্তাৱিত গৰুখুটি কৃষি প্ৰকল্পৰ বাবে চৰকাৰে চৰৰ লোকসকলক উচ্ছেদৰ পূৰ্বে পুন: সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। বিশেষকৈ চৰৰ এই লোকসকলক সম্পূৰ্ণ ভাৰতীয় নাগৰিক বুলি অভিহিত কৰি এই লোকসকলক দূৰ্যোগৰ মাজলৈ ঠেলি দিয়াটো মানি লোৱা নহ’ব বুলিও প্ৰকাশ কৰে । চৰকাৰক মানৱীয় দৃষ্টি ভংগীৰে সমগ্ৰ বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনায় । এইক্ষেত্ৰত কংগ্ৰেছ দলৰ তৰফৰ পৰা শনিবাৰে মুখ্যমন্ত্ৰীক লগ ধৰি বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰা হ’ব বুলিও প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.