যাত্ৰীবাহী বাছত বনৰীয়া হাতীৰ আক্ৰমণ : চাওক ভিডিঅ' - তামিলনাডু ৰাজ্যিক পৰিবহণ নিগম
🎬 Watch Now: Feature Video

কৰ্ণাটক-তামিলনাডু সীমান্তত যাত্ৰীবাহী বাছত বনৰীয়া হাতীৰ আক্ৰমণ ৷ বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে তামিলনাডু ৰাজ্যিক পৰিবহণ নিগম(TNSTC) বাছত যাত্ৰা কৰি থকা যাত্ৰীসকলৰ ৷ চামাৰাজনগৰ(Chamarajanagar)ৰ গুণ্ডলুপেট(Gundlupete)ৰ পৰা তামিলনাডুৰ নীলগিৰি অভিমুখে গৈ থকাৰ সময়ত এটা হাতীয়ে বাছখনক আগভেটি ধৰে ৷ হাতীটোৱে ইয়াৰ শুড়েৰে বাছখনক দুবাৰকৈ খুন্দা মৰাৰ ফলত বাছখনৰ সন্মুখৰ উইণ্ডশ্বিল্ডখন ক্ষতিগ্ৰস্ত হয় ৷ হাতীৰ আক্ৰমণত ভয় খাই বাছ চালকজনেও নিজৰ আসন এৰি যাত্ৰীৰ আসনৰ ফালে অহা দেখা গৈছে ৷ চাওক ভিডিঅ'...