thumbnail

By

Published : Oct 7, 2020, 8:23 PM IST

ETV Bharat / Videos

ভুৱনেশ্বৰৰ ৰাজভৱনৰ নিকটৱৰ্তী তেল ডিপুত অগ্নিকাণ্ড

বুধবাৰে দুপৰীয়া ওড়িশাৰ ভুৱনেশ্বৰস্থিত ৰাজভৱনৰ ওচৰত সংঘটিত এক অগ্নিকাণ্ডত 9 গৰাকী লোক আহত হয় ৷ সুত্ৰই প্ৰদান কৰা তথ্য অনুসৰি, অগ্নিকাণ্ডটো দুপৰীয়া প্ৰায় 1 বজাত সংঘটিত হয় ৷ এটা গেছ চেম্বাৰৰ আভ্যন্তৰত হোৱা বিস্ফোৰণৰ পৰা সুত্ৰপাত হয় অগ্নিকাণ্ডটোৰ ৷ বিস্ফোৰণে তেল ডিপুটোৰ এখন ছাদ খহাই পেলায় ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ গুৰুতৰভাৱে আহত দুগৰাকী লোকক কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বাকী থকা সকলক ভুৱনেশ্বৰৰ কেপিটেল হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে পীড়িত সকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ ঘোষণা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.