thumbnail

By

Published : Jun 22, 2021, 9:35 PM IST

ETV Bharat / Videos

আধা ঘণ্টাত এজন ব্যক্তিয়ে ল’লে ক’ভিডৰ দুটা ড’জ

উড়িশাৰ ময়ূৰভঞ্জ জিলাৰ এজন বৃদ্ধ লোকক মাত্ৰ ৩০ মিনিটৰ ভিতৰত কৰ’ণাৰ দুটা পালি প্ৰদান কৰা হয় ৷ ৰঘুপুৰ গাঁৱৰ প্ৰসন্ন কুমাৰ চাহু নামৰ লোকজনে শনিবাৰে এটা স্লট বুক কৰাৰ পিছত প্ৰথম পালিৰ বাবে খুন্টাপুৰৰ সত্যচাই চৰকাৰী হাইস্কুলৰ অস্থায়ী টীকাকৰণ শিবিৰত উপস্থিত হয় । লোকজনে প্ৰথম পালিটো গ্ৰহণ কৰাৰ পিছত তেওঁ 30 মিনিটৰ বাবে পৰ্যবেক্ষণত আছিল ৷ য'ত এগৰাকী নাৰ্চে ভুলবশতঃ একে লোকজনক প্ৰতিষেধকৰ আন এটা পালি প্ৰদান কৰে ৷ এই ক্ষেত্ৰত টীকাকৰণ কেন্দ্ৰৰ পৰ্যবেক্ষক ৰাজেন্দ্ৰ বেহেৰাই কয় যে, মানুহজন পৰ্যৱেক্ষণ কক্ষলৈ যোৱাৰ পৰিৱৰ্তে টিকাকৰণ স্থানত বহি আছিল । যাৰ বাবে ভুলবশতঃ তেওঁক দ্বিতীয় পালিটো প্ৰদান কৰা হয় ৷ এজন স্বাস্থ্য বিষয়াই জনোৱা অনুসৰি চাহুৰ শৰীৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া হোৱা নাই আৰু তেওঁ সুস্থ হৈ আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.