কেনেদৰে সুৰক্ষিত কৰিব ফেচবুকৰ গোপনীয়তা ছেটিংছ ? - ফেচবুক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 15, 2021, 5:41 PM IST

বৰ্তমান যুৱ প্ৰজন্মৰ মাজত ফেচবুক যথেষ্ট জনপ্ৰিয় ৷ ব্যক্তিগত জীৱনেই হওঁক অথবা কৰ্মজীৱনেই হওঁক, সৰু বৰ সকলো কথা ফেচবুকত উপলব্ধ নকৰালৈকে যেন দিনটো সম্পূৰ্ণ নহয় ৷ আপুনি বিচাৰে নেকি যে ফেচবুকে আপোনাৰ চাৰ্ফিং ডাটা আৰু সকলো কাৰ্যকলাপৰ ট্ৰেক কৰক ? আপুনি যদি এটা এপ ডাউনলোড কৰিছে, ফেচবুকে ইয়াৰ বিষয়ে সবিশেষ তথ্য লাভ কৰে । আপুনি যিকোনো এপ বা ৱেবছাইটত কিমান সময় অতিবাহিত কৰিছে, ফেচবুকে ইয়াৰ ৰেকৰ্ড ৰাখে । যদি আপুনি বিচাৰে যে ফেচবুকে আপোনাৰ চাৰ্ফিং বিৱৰণ বা আন কোনো কাৰ্যকলাপৰ তথ্য লাভ নকৰক, তেন্তে আপুনি ফেচবুক গোপনীয়তা ছেটিংছ ব্যৱহাৰ কৰিব পাৰে । তাৰ পিছত, আপুনি ভিডিঅ'ত দেখুওৱা পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিব । ইয়াৰ পাছতেই আপুনি 'অফ ফেচবুক কাৰ্যকলাপ' কৰিবলৈ সক্ষম হ'ব । আপুনি ফেচবুকত ব্যৱহাৰ কৰা সকলো তথ্য পৰিষ্কাৰ কৰিব পাৰে আৰু ভৱিষ্যতৰ কাৰ্যকলাপো পৰিচালনা কৰিব পাৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.