thumbnail

By

Published : Aug 31, 2020, 4:58 AM IST

ETV Bharat / Videos

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত সঞ্জয় নিৰুপমৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

বহুমত যুক্ত এখন চিঠিৰে কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব খোজাটো ৰাহুল গান্ধীৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ আৰু এনে ধৰণে চলি থাকিলে কংগ্ৰেছ দল বিভক্ত হ’ব ৷ জ্যেষ্ঠ সাংবাদিক অমিত অগ্নিহোত্ৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সঞ্জয় নিৰুপমে ৷ সাক্ষাৎ কালত তেখেতক সোধা হৈছিল যে, কংগ্ৰেছৰ মাজত নেতৃত্বৰ বিষয়টোক লৈ কিয় তৰ্ক-বিতৰ্ক আৰম্ভ হৈছে ৷ ইয়াৰ উত্তৰত সঞ্জয় নিৰুপমে কয় যে, 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পাচত যেতিয়া ৰাহুল গান্ধীয়ে পদত্যাগ কৰিছিল, তেতিয়াৰ পৰাই এই তৰ্কযুদ্ধ আৰম্ভ হৈছিল ৷ ৰাহুল গান্ধীয়ে নেতৃত্ব লৈছিল যদিও ইয়াক চলায় নিব খোজা নাছিল ৷ তেওঁ বিচাৰিছিল গান্ধী পৰিয়ালৰ বাহিৰৰ কোনোবাই দলৰ নেতৃত্ব বহন কৰক ৷ সেই ব্যক্তিগৰাকীৰ সন্ধান বৰ্তমানেও অব্যাহত আছে বুলি জনায় নিৰুপমে ৷ আনহাতে, যেতিয়া ছোনিয়া গান্ধীক অন্তৱৰ্তীকালিন অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিবলৈ কোৱা হৈছিল তেতিয়াৰ পৰাই কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ তৰ্ক-বিতৰ্ক আৰম্ভ হৈছিল ৷ আনহাতে, কংগ্ৰেচৰ বহুকেইগৰাকী জ্যেষ্ঠ সদস্যই পত্ৰ প্ৰেৰণ কৰি ছোনিয়া গান্ধীক সম্পূৰ্ণৰূপে অধ্যক্ষ পদ গ্ৰহণৰ বাবে আহ্বান জনাইছিল ৷ এই প্ৰকিয়াক ষড়যন্ত্ৰৰ আখ্যা দিয়াৰ কাৰণ কি বুলি সোধা প্ৰশ্নৰ উত্তৰত সঞ্জয় নিৰুপমে কয় যে, বিষয়টোক লৈ কোনো সমস্যা নাই ৷ যিকোনো এটা সক্ৰিয় ৰাজনৈতিক দলত এগৰাকী পূৰ্ণকালিন অধ্যক্ষ থকা উচিত ৷ কিন্তু এই চিঠিখন কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক অস্তিত্বহীন কৰা ষড়যন্ত্ৰৰ এক অংশ ৷ দিল্লীৰ বাসগৃহ আৰু কাৰ্যালয়তো ৰাহুলৰ বিৰুদ্ধে পূৰ্বেও বহু দলীয় নেতাই এনে ষড়যন্ত্ৰ ৰচিছিল ৷ এতিয়াই এই নিৰ্বাচনৰ প্ৰয়োজন নাই ৷ কিয়নো ইয়াৰ ফলাফলে দলত বিভাজনৰ সৃষ্টি কৰিব পাৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.