ভাৰতীয় নৌ-সেনাত সংযোজিত হ'ল আই এন এছ খান্দেৰী - ভাৰতীয় নৌ-সেনাত সংযোজিত হ'ল আই এন এছ খান্দেৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 28, 2019, 7:20 PM IST

Updated : Sep 28, 2019, 7:36 PM IST

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰঃ শনিবাৰে ভাৰতীয় নৌ-সেনাৰ সৈতে আনুষ্ঠানিকভাৱে সেৱাত নিয়োজিত হয় আন এখন ছাবমেৰিন ৷ ভাৰতীয় নৌ-সেনাৰ স্কৰপিঅন ক্লাছৰ দ্বিতীয়খন ছাবমেৰিন আইএনএছ খান্দেৰীক মুম্বাইস্থিত নৌ-সেনাৰ বন্দৰত দেশৰ সেৱাত নিয়োজিত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷  ভাৰতীয় নৌ-সেনাৰ স্কৰপিঅন ক্লাছৰ প্ৰথমখন ছাবমেৰিন আইএনএছ কালভাৰীক 2017চনৰ ডিচেম্বৰ মাহত নৌ-সেনাৰ সৈতে সেৱাত নিয়োজিত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মিত এইখন ছাবমেৰিনে ইতিমধ্যে দেশৰ বাবে উল্লেখনীয় সেৱা আগবঢ়াই আছে ৷ আনহাতে স্কৰপিঅন ক্লাছৰ দ্বিতীয়খন ছাবমেৰিন আই এন এছ খান্দেৰীক 2017 চনৰ জানুৱাৰী মাহত মুম্বাইস্থিত মাজগাৱ ডক শ্বীপবুইল্ডাৰছ লিমিটেডত উদ্বোধন কৰা হৈছিল ৷  2005 চনত ফ্ৰান্সৰ ডিচিএনএছ নামৰ নিৰ্মাণকাৰী সংস্থাৰ সৈতে ভাৰত চৰকাৰে ছয়খন ছাবমেৰিন প্ৰদান কৰিবলৈ এক চুক্তি সম্পন্ন কৰিছিল ৷ সেই অনুসৰি,ফ্ৰান্স নাভেল ডিফেন্স এণ্ড এনাৰ্জি কোম্পানীয়ে প্ৰস্তুত কৰা আৰ্হিৰে ভাৰতীয় নৌ-সেনাৰ প্ৰজেক্ট 75ৰ অধীনত মুম্বাইস্থিত মাজগাৱ ডক শ্বীপবুইল্ডাৰছ লিমিটেডত নিৰ্মাণ কৰা হৈছিল আই এন এছ খান্দেৰী ৷ ভাৰতীয় নৌ-সেনাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাৰে সংযোজন কৰা হৈছে আই এন এছ খান্দেৰীত ৷ এন্টি চাৰফেচ যুদ্ধনীতি,এন্টি ছাবমেৰিন যুদ্ধনীতি,চোৰাংচোৱা তথ্য সংগ্ৰহ,মাইন চিনাক্তকৰণ,আৰু এৰিয়া ছাৰভিলেন্স অৰ্থাৎ নিৰীক্ষণকাৰী সক্ষমতাৰে সম্পন্ন আইএনএছ খান্দেৰীয়ে শক্তিশালী টৰ্পেডোৰ লগতে টিউবৰ দ্বাৰা প্ৰেৰিত এন্টি শ্বীপ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰিব পাৰে ৷  ইয়াৰ লগতে ভাৰতীয় নৌ-সেনাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে বিগত ন বছৰে প্ৰায় পাঁচ লাখ টন কংক্ৰিটেৰে নিৰ্মাণ সম্পূৰ্ণ কৰা দেশৰ সৰ্ববৃহৎ জাহাজ নিৰ্মানকাৰী ড্ৰাই-ডক ৷ ভাৰতীয় নৌ-সেনাৰ 44,500 টন ওজনসম্পন্ন একমাত্ৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ আইএনএছ বিক্ৰমাদিত্য আৰু স্বদেশীয় প্ৰযুক্তিৰে নিৰ্মিত দেশৰ প্ৰথমখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ আইএনএছ বিক্ৰান্তৰ চোৱাচিতা আৰু মেৰামতিৰ সকলো কাম সম্পন্ন কৰা হ'ব মুম্বাইস্থিত এইটো জাহাজ নিৰ্মাণকাৰী বন্দৰত ৷ আনহাতে P-17A ফ্ৰীগেটছৰ প্ৰথমখন স্বদেশীয় যুদ্ধজাহাজ আইএনএছ নীলগিৰি উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সহধৰ্মিনী সাবিত্ৰী সিঙে ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাগৰ (SAGAR; Security and Growth for All in the Region) শীৰ্ষক আঁচনিৰ অধীনত তিনিওটা কাৰ্যসূচী সম্পন্ন কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে,ভাৰতীয় নৌ-সেনাৰ ভাইচ এডমিৰেল জি অশোক কুমাৰে ৷ নৌ-সেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে 28 আৰু 29 চেপ্তেম্বৰত নৌ-সেনাৰ বিভিন্ন নৌ-সামৰিক অভিযান প্ৰত্যক্ষ কৰিব ৷ ইয়াৰ বাবে নৌ-সেনাৰ সৈতে সাগৰতে দুদিন কটাব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে,বৰ্তমান সময়ত ভাৰতীয় নৌ-সেনাৰ বাবে 51খন জাহাজৰ নিৰ্মাণকাৰ্য চলি আছে ৷ ইয়াৰে 49খন ভাৰতৰ জাহাজ নিৰ্মাণকাৰী ঘাটত নিৰ্মিত হৈ আছে আৰু দুখন দেশৰ বাহিৰত নিৰ্মাণ হৈ আছে ৷  প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং,ভাইচ এডমিৰেল জি অশোক কুমাৰ আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷
Last Updated : Sep 28, 2019, 7:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.