thumbnail

By

Published : Jul 19, 2020, 6:47 PM IST

ETV Bharat / Videos

বিহাৰৰ বান : পাঁচদিন ধৰি ঘৰৰ মূধচত আশ্ৰয় ল'লে এজনে

বিহাৰত বানে বিধংসী ৰূপ ধাৰণ কৰাৰ ফলত পাঁচদিন ধৰি এজন লোকে ঘৰৰ মূধচত আশ্ৰয় ল'বলগা হোৱা দৃশ্য ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত ৷ বিহাৰৰ গোপালগঞ্জৰ কাটঘৰৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ এখন উদ্ধাৰকাৰী নাঁও প্ৰত্যক্ষ কৰি লোকজনে হাত বাউলি দি সহায়ৰ বাবে ভিক্ষা কৰা ভিডিঅ'টোত পৰিলক্ষিত হৈছে ৷ উদ্ধাৰ কৰাৰ পূৰ্বে মানুহজনৰ এই ভিডিঅ'টো সংগ্ৰহ কৰা হৈছিল ৷ নেপালৰ পৰা ক্ৰমাগতভাৱে পানী এৰি দিয়াৰ ফলত বিহাৰৰ গোপালগঞ্জত ভয়ংকৰ বানৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.