ৰেল বিভাগৰ 'ৰাউণ্ড দা ক্লক' ব্যৱস্থা বাতিলৰ দাবীত যোৰহাটত আছুৰ প্ৰতিবাদ - ৰাউণ্ড দা ক্লক ব্যৱস্থা বাতিলৰ দাবী
🎬 Watch Now: Feature Video

যোৰহাটৰ ৰেলৱে গুডচ য়াৰ্ডত ৰেলৰ পৰা সামগ্ৰী নমোৱাৰ ক্ষেত্ৰত ৰেল বিভাগে লোৱা সিদ্ধান্তৰ বাবে খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বুধবাৰে যোৰহাটত আছুৰ যোৰহাট জিলা সমিতিয়ে(Aasu Protest at Jorhat) তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাট জিলাৰ আছুৰ সদস্যসকলে ৰেল বিভাগক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় । অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, ৰেল বিভাগে ৰেলৰ পৰা সামগ্ৰী নমোৱাৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম সলনি কৰি 'ৰাউণ্ড দা ক্লক' কৰিছিল ৷ যাৰবাবে সময়মতে সামগ্ৰী নমাব নোৱাৰিলে জৰিমনাৰ ব্যৱস্থা কৰাৰ লগতে জৰিমনাও বহু পৰিমাণে বৃদ্ধি কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:17 PM IST