নৱ প্ৰজন্মক থলুৱা বাদ্যযন্ত্ৰ চিনাকী কৰি দিয়াৰ প্ৰয়াস ঢোলৰ ওজা অজিত গগৈৰ - থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 30, 2022, 10:05 AM IST

Updated : Feb 3, 2023, 8:21 PM IST

কৃষ্টি-সংস্কৃতিৰ লগতে এটা জাতিৰ পৰিচয় নিহিত হৈ আছে থলুৱা লোকবাদ্যসমূহত (Assamese Folk instruments) । আজিৰ প্ৰজন্মই লোকবাদ্য কি দৰে চিনি পাই, সেয়াহে বিচাৰ্যৰ বিষয় । থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সাপেখাটিৰ ভোগবাৰীৰ এজন থলুৱা শিল্পীয়ে (Artist in Charaideu preserving folk musical instruments) ৷ নিজ গৃহতে বৰ্তমান ১০০ বিধ থলুৱা বাদ্যযন্ত্ৰ সংৰক্ষণ কৰিছে শিল্পীগৰাকীয়ে ৷ এই শিল্পীগৰাকী হৈছে ঢোলৰ ওজা অজিত গগৈ ৷ থলুৱা লোক-বাদ্য সংগ্ৰহ এক নিচাত পৰিণত হোৱা অজিত গগৈয়ে ঢোল, খোল, শংখ, ঘণ্টা, কৰতাল, ধাক, দগৰ, নাগৰা, বাঁহী, শিঙা, সুতুলি, পেঁপা আদি প্ৰায়বোৰ লোকবাদ্য ঘৰতে সংৰক্ষণ কৰি নিজ প্ৰচেষ্টাত ঘৰৰ এটি কোঠা ক্ষুদ্ৰ সংগ্ৰহালয়ত পৰিণত কৰিছে । উল্লেখ্য যে, ঢোলবাদনৰ লগতে প্ৰায়বোৰ লোকবাদ্য বজাব জনা শিল্পীগৰাকীয়ে দিহানাম, টোকাৰী গীত, ঝুমুৰ আদি বিভিন্ন জনগোষ্ঠীৰ লোক সংগীততো পাৰ্গত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকবাদ্যৰ বিভিন্ন কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি শ শ শিশু, কিশোৰ-কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে এইগৰাকী লোকবাদ্য শিল্পীয়ে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.