Beautiful Sight of Kaziranga National Park : কাজিৰঙাত পুনৰ বনৰজাৰ বিচৰণ - কাজিৰঙাত পুনৰ বনৰজাৰ বিচৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 4, 2023, 1:02 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি হোৱাৰ উমান পোৱা গৈছে । বিগত বছৰ কাজিৰঙা পৰ্যটকৰ বাবে মুকলি হোৱাৰ পিছৰে পৰা বহু পৰ্যটকে ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰিছে (Royal Bengal tiger at Kaziranga)। এইবাৰ পুনৰ 'বিগ ফাইভ এনিমেল' খ্যাত বুঢ়াপাহাৰ বনাঞ্চলত দেখা গ'ল ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ (Burapahar Range of Kaziranga National Park)। নতুন বছৰত কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘ আৰু এশিঙীয়া গঁড় দেখি আপ্লুত হৈছে পৰ্যটকসকল । ঢেঁকীয়াপতীয়া বাঘ আৰু এশিঙীয়া গঁড়ৰ দৃশ্য এইবাৰ পুনৰ বন্দী কৰিলে টুৰিষ্ট গাইডে (Rhino and Tiger spotted at Kaziranga)। ভিডিঅ'টোত দেখাৰ দৰে এশিঙীয়া গঁড়ে নিশ্চিন্ত মনে ঘাঁহ-বন খাইছে । আনহাতে, এটা ঢেঁকীয়াপতীয়া বাঘে খাদ্যৰ সন্ধানত নৈৰ পাৰে-পাৰে ঘূৰি ফুৰিছে । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলত এই দৃশ্যবোৰ দেখি আনন্দিত হৈ পৰিছে পৰ্যটকসকল ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.