Viral Video: এগৰাকী বৃদ্ধ নাৱৰীয়াৰ অসাধাৰণ প্ৰতিভাই খলকনি লগাইছে চ’ছিয়েল মিডিয়াত - সামাজিক মাধ্যমত ভাইৰেল
🎬 Watch Now: Feature Video

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী: বৰ্তমান সময়ত বিবাহৰ পূৰ্বে প্ৰী-ৱেডিং শ্বুট কৰাটো এটা অন্যতম প্ৰথাৰ দৰে হৈ পৰিছে (pre wedding shoot direction of an old man)৷ উত্তৰ অন্ধ্ৰৰ এটা দম্পতীয়ে বিশেষ দিনটোৰ পূৰ্বে প্ৰী-ৱেডিং শ্বুট আনতকৈ পৃথক হোৱাটো বিচাৰিছিল ৷ দুয়োগৰাকীৰ সন্মতিক্ৰমে প্ৰী-ৱেডিং শ্বুটৰ বাবে চিন্নাপতি নদীক বাচনি কৰিছিল । কিন্তু এই প্ৰী ৱেডিং শ্বুটত দম্পতীটোৰ ব্যতিক্ৰম অভিজ্ঞতা হৈছিল ।
সাধাৰণতে, ফটো শ্বুটৰ অৰ্থ হৈছে যে দৰা আৰু কইনাই ফটো অথবা ভিডিঅ’ৰ যোগেদি নিজৰ প্ৰেমৰ কাহিনী প্ৰতিফলিত কৰে (Viral video of pre wedding shoot) ৷ দৰ কইনাহালো ফটোৰ বাবে প’জ দিয়ে, কেমেৰমেনগৰাকীয়ে তেওঁলোকৰ ফটো, ভিডিঅ’ লয় ৷ কিছু লোকে ফটোশ্বুট তথা ভিডিঅ’শ্বুটৰ বাবে পৰিচালকো লৈ আনে ৷ তেওঁৰ পৰিচালনাত দৰা কইনাই ফটোৰ বাবে প’জ দিয়ে ৷ কিন্তু এই ব্যতিক্ৰমী ফটোশ্বুটত কাৰ নিৰ্দেশনা লোৱা হৈছিল আপুনি জানেনে ? দম্পতীটোৱে যিখন নাৱত উঠি ফটোশ্বুট কৰিছিল সেই নাওখনৰ বৃদ্ধ নাৱৰীয়া গৰাকীৰ নিৰ্দেশনাত দৰা কইনাহালে ফট’ তথা ভিডিঅ’ৰ বাবে প’জ দিছিল (Viral video of pre wedding shoot) ৷
বিবাহৰ পূৰ্বৰ দৃশ্যগ্ৰহণৰ বাবে প’জ দিবলৈ নিৰ্দেশনা দিয়া পঞ্চাশ বছৰীয়া বৃদ্ধগৰাকীক দেখি প্ৰথমে দম্পতীটো হতবাক হৈছিল যদিও তেওঁ কোৱা প’জত উঠা ফটোবোৰ ভাল হৈছিল বুলি কেমেৰামেনগৰাকীয়ে জানিবলৈ দিয়ে ৷ এই কথা শুনাৰ লগে লগে বৃদ্ধগৰাকীয়ে কোৱাৰ দৰে ভংগীমা দিছিল। আনহাতে, কেমেৰামেনজনে এই সকলোবোৰ দেখি হাঁহি তেওঁক প্ৰশংসা কৰে ৷ লগে লগে কেমেৰামেনজনে বৃদ্ধগৰাকীয়ে প’জ দেখুওৱাৰ কিছু দৃশ্যাংশ ৰেকৰ্ড কৰি সামাজিক মাধ্যমত পোষ্ট কৰে ৷
বৰ্তমান এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Viral Video of old man)। ভিডিঅ’টো চোৱাৰ পিছত নেটিজেনসকলে মন্তব্য কৰি কয় যে "আপুনি ইমান প্ৰতিভাশালী", "আপুনি বৃদ্ধ যদিও মহান ৷"
লগতে পঢ়ক: Pakistani Hindu devotees reach Puri: পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কাৰাচীৰ হিন্দু ভক্তৰ