BPBM College in Charaidew : সামৰণি পৰিল বিপিবিএম মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ - বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 30, 2022, 7:46 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

শনিবাৰে অন্ত পৰে চৰাইদেউ জিলাৰ ঐতিহ্যমণ্ডিত বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি (Conclude Silver jubilee of BPBM College in Charaidew)। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটি শনিবাৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰা হয় (Silver jubilee celebrated of BPBM College in Charaidew)৷ বৰহাট অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত । শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অধ্যক্ষ ফণিন্দ্ৰ শইকীয়াই । লগতে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৰাকীয়ে কয়, ‘‘পঁচিশ বছৰ অতিক্ৰম কৰা এই মহাবিদ্যালয়খন ভাৰত বৰ্ষৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব । অনাগত সময়ত বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ত স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ চিন্তা কৰা হৈছে’’ ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.