thumbnail

By

Published : Jan 17, 2023, 7:01 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Shilpi Divas Observes: বাৰপূজীয়াত শিল্পী দিৱস পালন

আজি শিল্পী দিৱস(71th Shilpi divas) । কবি, গীতিকাৰ, ছবি নিৰ্মাতা জ্যােতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰা শিল্পী দিৱসৰ সমান্তৰালকৈ ৰহাৰ বাৰপূজীয়াতো বাৰপূজীয়া শাখা সাহিত্য সভাৰ উদ্যোগত বাৰপূজীয়া দৌল মণ্ডপ প্ৰাঙ্গণত পুৱাৰে পৰা দিনজোৰা কাৰ্যসুচীৰে পালন কৰা হয় শিল্পী দিৱস(Shilpi Divas Observes in Raha) । প্ৰথম কাৰ্যসূচী অনুসৰি সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পাছতে জ্যােতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে পুষ্পাঞ্জলি অৰ্পন কৰাৰ পাছতে সাহিত্য সভাৰ স্থায়ী গীত পৰিৱেশন কৰাৰ পাছতেই আৰম্ভ হয় মুকলি সভা(Assam observes Shilpi Divas) ৷ ডাঃ প্ৰদীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মৰিগাঁও সাহিত্য সভাৰ সভাপতি-সম্পাদককে প্ৰমুখ্য কৰি কেইবাগৰাকীও কবি-সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰূপকোঁৱৰৰ স্মৃতিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ ইয়াৰ পূৰ্বে বাৰপূজীয়া শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্বোধন কৰা হয় । উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.