thumbnail

By

Published : Oct 9, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

নামাজ পঢ়াৰ চলেৰে দিন দুপৰতে মছজিত চোৰৰ লুটপাত

ৰঙিয়াত নগৰৰ টাউন জামে মছজিদৰ দানপাত্ৰ চুৰি কৰিবলৈ অহা যুৱকক হাতে-লোটে ধৰিলে ৰাইজে (Robbery case in Rangia) ৷ দেওবাৰে দিন দুপৰতে নমাজ পঢ়াৰ চলেৰে মছজিদৰ ভিতৰত প্ৰৱেশ কৰে চোৰটোৱে ৷ তাৰ পিছত মছজিদৰ ভিতৰত থকা দান পাত্ৰসমূহ প্লাছেৰে এটা এটাকৈ ভাঙি পেলায় (Robbery took place at a mosque at Rangia) ৷ কিছু সময়ৰ অন্তত তিনিটাকৈ দান পাত্ৰ ভাঙি মছজিদৰ পইচাসমূহ পকেটত ভৰাবলৈ লওঁতেই সমীপতে থকা কেইগৰাকীমান লোকে শব্দ শুনিবলৈ পায় । লগে লগে একাংশ লোকক অৱগত কৰাত তেওঁলোক মছজিদটোত উপস্থিত হোৱাত হাতে-লোতে কৰায়ত্ব কৰিলে গভাইত চোৰটোক । একাংশ লোকে চোৰটোক লপাথপা দিয়ে ৷ ধৃত চোৰটো ৰঙিয়াৰ সমীপৰ ইচ্ছাপুৰৰ নজৰুল আলী বুলি চিনাক্ত কৰিছে ৷ অৱশেষত চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.