Jorhat Balyabhaban School : মুখ্যমন্ত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ত পত্নী ৰিণিকি ভূঞা শৰ্মা - Riniki Bhuyan inaugurated Balyabhaban school
🎬 Watch Now: Feature Video
যোৰহাট, ২৭ জানুৱাৰী : যোৰহাটৰ এখন আগশাৰীৰ চৰকাৰী বিদ্যালয় হৈছে বাল্য ভৱন বিদ্যালয় । এই বিদ্যালয়ৰ সৈতে আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ পুৰণি সম্পৰ্ক । এই বিদ্যালয়খনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ আন দুজন ভাতৃয়ে (Himanta Biswa schooling in Balyabhaban School) ।
বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা যোৰহাটলৈ আহোঁতে বাল্য ভৱন বিদ্যালয়লৈ আহি তেওঁ পঢ়া কোঠাটো চাইছিল আৰু বিদ্যালয়খনলৈ আহি অতীত সুঁৱৰিছিল (Himanta Biswa visited Balya Bhaban school Jorhat) । তেতিয়াই মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে বিদ্যালয়খনলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল । সেইমৰ্মে মুখ্যমন্ত্ৰীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাই আগবঢ়োৱা পুঁজিৰে নিৰ্মাণ কৰি উলিয়ায় পাঁচটা শ্ৰেণীকোঠা আৰু এটা প্ৰেক্ষাগৃহ (Riniki Bhuyan Sarma at Balya Bhaban school Jorhat) ।
শুকুৰবাৰে এই ভৱনটো উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাই (Riniki Bhuyan inaugurated Balya Bhaban school building) । অনুষ্ঠানটো পৰিচালনা কৰে বাল্য ভৱনৰ অধ্যক্ষা জোনালী বৰাই । আনহাতে, মঞ্চত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিদ্বয় নিৰূপম বৰুৱা আৰু অদিতি বেজবৰুৱা । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট বাল্য ভৱনত প্ৰাক্-প্ৰাথমিক তথা মণ্টেশ্বৰীৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু বিদ্যালয়খনত পঢ়া যি স্মৃতি, তাৰে উপস্থিতি বহীৰ কপি আজি সংগ্ৰহ কৰি লৈ যায় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভুঞা শৰ্মাই । ইফালে বাল্য ভৱনত উপস্থিত হৈ ৰিণিকি ভুঞা শৰ্মাই স্কুলখনৰ বিভিন্ন কাম-কাজৰ শলাগ লয় আৰু স্কুলখনৰ পদক্ষেপক অন্য চৰকাৰী বিদ্যালয়ক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম ১ ফেব্ৰুৱাৰী ১৯৬৯ চনত যোৰহাটত । তেওঁৰ পিতৃ প্ৰয়াত কৈলাস নাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱী । যোৰহাট বাল্য ভৱন বিদ্যালয়ত প্ৰাক-প্ৰাথমিক শিক্ষা গ্ৰহণৰ পিছত তেওঁ প্ৰথমিক শিক্ষা গুৱাহাটীৰ গান্ধীবস্তীস্থিত নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত সমাপ্ত কৰে । তাৰ পিছত কামৰূপ একাডেমীৰ পৰা ১৯৭৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পিছত ১৯৮৫ চনত কটন কলেজত কলা শাখাত উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষত নামভৰ্তি কৰে । ১৯৮৭ চনত কটন কলেজতে ৰাজনীতি বিজ্ঞান গুৰু পাঠ্যক্ৰম হিচাপে লৈ স্নাতক প্ৰথমবৰ্ষত নামভৰ্তি কৰে । ১৯৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত তেওঁ কটন কলেজতে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে । ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰো স্নাতক । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা নিৰু হাজৰিকাৰ তত্ত্বাৱধানত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে ।
TAGGED:
যোৰহাট