thumbnail

Cough syrup seized : কাছাৰত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ

By

Published : Oct 13, 2022, 3:57 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ইয়াৰ মাজতে কাছাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰিছে । নিশা বৰখলা লাৰচিংপাৰত আৰক্ষীৰ অভিযানত জব্দ হৈছে প্ৰায় ২ হাজাৰটা কফ চিৰাপৰ বটল (Huge amount of cough syrup seized in Cachar)৷ ঘটনা সন্দৰ্ভত এজন লোককো আটক কৰিছে আৰক্ষীয়ে । উপ-আৰক্ষী অধীক্ষকে জনোৱা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে নিশা লাৰচিংপাৰ অঞ্চলৰ নবেন্দু মালাকাৰ নামৰ এগৰাকী লোকৰ ঘৰত অভিযান চলাইছিল । অভিযানত ২২ টা কাৰ্টুনত প্ৰায় ২ হাজাৰ বটল নিচাজাতীয় কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীয়ে ঘৰৰ মালিক নবেন্দু মালাকাৰকো আটক কৰিছে (Cachar police detained one with cough syrup)৷ জব্দ হোৱা কফ চিৰাপখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে ৷ অভিযোগ মতে ধৃত লোকজনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহা চলাই আহিছিল ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.