ETV Bharat / sports

প্ৰতিপক্ষৰ উইকেট দখলত পাকৈত জাহিৰ খান কেনেদৰে ব’ল্ড হৈছিল সাগৰিকাৰ প্ৰেমত - HAPPY BIRTHDAY ZAHEER KHAN

Zaheer Khan 46th Birthday: আজি ভাৰতৰ প্ৰাক্তন পেচাৰ জাহিৰ খানৰ জন্মদিন ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

HAPPY BIRTHDAY ZAHEER KHAN
পত্নীৰ সৈতে জাহিৰ খান (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন আৰু সফল ফাষ্ট বলাৰসকলৰ মাজৰ অন্যতম জাহিৰ খানৰ আজি জন্মদিন ৷ 46 বছৰত ভৰি দিছে প্ৰাক্তন ভাৰতীয় পেচাৰগৰাকীয়ে ৷

ভাৰতৰ এই কিংবদন্তি ক্ৰিকেটাৰজনৰ জন্ম হৈছিল 1978 চনৰ 7 অক্টোবৰত মহাৰাষ্ট্ৰৰ শ্ৰীৰামপুৰত ৷ জাহিৰ খানৰ জন্মদিন উপলক্ষে তেওঁৰ কেৰিয়াৰৰ উপৰিও প্ৰেম জীৱনৰ সৈতে জড়িত থকা কিছু আকৰ্ষণীয় কাহিনীৰে সজোৱা হৈছে এই প্ৰতিবেদন ৷

HAPPY BIRTHDAY ZAHEER KHAN
প্ৰাক্তন ভাৰতীয় পেচাৰ জাহিৰ খান (IANS Photos)

জাহিৰ খানৰ জীৱনৰ সৈতে জড়িত কিছু আকৰ্ষণীয় তথ্য

  • জাহিৰ খানক জেক আৰু জেকি নামেৰেও মতা হৈছিল । অৱশ্যে এই দুটা তেওঁৰ ঘৰুৱা নাম ৷ এটা বল সোঁৱে-বাওেঁ দুয়োদিশে ঘূৰাব পৰা ক্ষমতা আছিল এইগৰাকী পেচাৰৰ ৷
  • জাহিৰ খানে বৰোদাৰ হৈ ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰি যথেষ্ট সুনাম অৰ্জন কৰিছিল ৷ যাৰ পিছতহে খেলুৱৈগৰাকীৰ বাবে টীম ইণ্ডিয়াৰ দুৱাৰ মুকলি হৈছিল ।
  • বাওঁহতীয়া জাহিৰ খানে ভাৰতৰ হৈ তিনিবাৰকৈ এদিনীয়া বিশ্বকাপ খেলিছে । তেওঁ ক্ৰমে 2003, 2007 আৰু 2011 চনত এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰিছে ৷ এম এছ ধোনীৰ অধিনায়কত্বত 2011 চনত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল জাহিৰ খানে ।
  • জাহিৰ খানে 2011 চনত লাভ কৰিছে অৰ্জুন বঁটা । ইয়াৰ লগতে তেওঁক 2020 চনত প্ৰদান কৰা হৈছে পদ্মশ্ৰী বঁটা ৷
  • জাহিৰ খানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ 610 টা উইকেট দখল কৰিছে ৷ তদুপৰি তেওঁ টি-20, এদিনীয়া আৰু টেষ্টকে ধৰি তিনিওটা ফৰ্মেটতে দখল কৰিছে উইকেট ৷ তেওঁ ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা দ্বিতীয়গৰাকী দ্ৰুততম বলাৰ ।
  • আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নকল বল প্ৰদান কৰা প্ৰথমগৰাকী বলাৰ হৈছে জাহিৰ খান ৷ 2015 চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে এইগৰাকী ভাৰতীয় পেচাৰে ৷

জাহিৰ খানৰ জীৱনত প্ৰেম

বলীউডৰ অভিনেত্ৰী সাগৰিকা ঘাটগেৰ প্ৰেমত পৰে জাহিৰ খান ৷ পৰৱৰ্তী সময়ত দুয়োগৰাকী বিবাহপাশত আৱদ্ধ হয় ৷ শ্বাহৰুখ খানৰ বিখ্যাত ছবি "চক দে ! ইণ্ডিয়া" ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল সাগৰিকাই ৷

এজন বন্ধুৰ ঘৰত আয়োজিত এক পাৰ্টীত সাগৰিকাৰ সৈতে চিনাকী হৈছিল জাহিৰৰ ৷ পৰৱৰ্তী সময়ত জাহিৰ-সাগৰিকাৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে । জাহিৰ খানে অভিনেত্ৰীগৰাকীক এক ডিনাৰ ডেটত বিয়াৰ প্ৰস্তাৱ দিছিল ৷

অৱশ্যে লোকচক্ষুৰ পৰা আঁতৰত আছিল দীৰ্ঘদিনীয়া এই সম্পৰ্ক ৷ অৱশেষত দুয়ো 2017 চনত বাগদান সম্পন্ন কৰি একে বছৰৰে 23 নৱেম্বৰত বিবাহপাশত আৱদ্ধ হয় । বৰ্তমান সময়ত দম্পতীটোৱে এক সুখী বৈবাহিক জীৱন অতিবাহিত কৰিছে ৷

জাহিৰ খানৰ দৰ্শনীয় কেৰিয়াৰ

জাহিৰ খানে 2000 চনত ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰে । ইয়াৰ পিছত, তেওঁ 2006 চনত ভাৰতৰ হৈ টি-20 ত আত্মপ্ৰকাশ কৰে । জাহিৰ খানে ভাৰতৰ হৈ 92 খন টেষ্ট মেচৰ 165 টা ইনিংছত দখল কৰিছে 311 টা উইকেট ।

কেৰিয়াৰৰ সময়ছোৱাত পেচাৰগৰাকীয়ে 11 বাৰকৈ পাঁচটা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে । তেওঁ 200 খন এদিনীয়াৰ 197 টা ইনিংছত 282 টা উইকেট দখল কৰিছে । আনহাতে, 17 খন টি-20 মেচত দখল কৰিছে 17 টা উইকেট ।

জাহিৰে আই পি এলৰ 109 খন মেচত দখল কৰিছে 102 টা উইকেট । তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, দিল্লী ডেয়াৰডেভিলছ, মুম্বাই ইণ্ডিয়ানছ আৰু আন বহু দলৰ হৈ মেচত অংশগ্ৰহণ কৰিছে ৷ তেওঁ মুম্বাই ইণ্ডিয়ানছত ক্ৰীড়া কৰ্মচাৰী হিচাপেও কাম কৰিছিল । আই পি এল 2025 ছিজনৰ বাবে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে জাহিৰ খানক দলটোৰ পৰামৰ্শদাতাৰূপে নিযুক্তি দিছে ।

লগতে পঢ়ক: বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টি-২০ ত ৭ উইকেটত জয়লাভ ভাৰতৰ - IND vs BAN 1st t20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.