ETV Bharat / bharat

"চিন্তাৰ কোনো কাৰণ নাই"- বিশিষ্ট উদ্যোগপতি ৰতন টাটা - Ratan Tata health

Industrialist Ratan Tata: সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি সন্দৰ্ভত উদ্যোগপতি ৰতন টাটাৰ প্ৰতিক্ৰিয়া ৷ সংবাদ মাধ্যমত প্ৰকাশিত তেওঁৰ স্বাস্থ্য সম্বন্ধীয় উৰাবাতৰি ভিত্তিহীন বুলি উল্লেখ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Etv Bharat
বিশিষ্ট উদ্যোগপতি ৰতন টাটা (ETV Bharat)

নিউজ ডেস্ক, 7 অক্টোবৰ: শাৰিৰীক অৱস্থা বৰ্তমান সুস্থিৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ । জানিব পৰা মতে একাংশ সংবাদ মাধ্যমে দাবী কৰি আহিছিল যে সোমবাৰৰ নিশাৰ পৰা বিশিষ্ট উদ্যোগপতিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিশিষ্ট উদ্যোগপতি ৰতন টাটাই তেওঁৰ X একাউণ্টযোগে নিজৰ স্বাস্থ্য ঠিকেই আছে বুলি অৱগত কৰিছে ।

ৰতন টাটাই কয়, "মোৰ স্বাস্থ্য সম্পৰ্কে উৰাবাতৰিৰ বিষয়ে মই অৱগত । কিন্তু সেই সকলোবোৰ দাবী ভিত্তিহীন । মই সকলোকে আশ্বস্ত কৰিব বিচাৰো যে বয়স আৰু আনুষংগিক চিকিৎসাজনিত অৱস্থাৰ বাবে মোৰ মেডিকেল চেক-আপ কৰা হৈছে । গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই । বৰ্তমান মোৰ স্বাস্থ্য সুস্থিৰ ।"

সোমবাৰে পুৱাৰ ভাগত ৰতন টাটাক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰা বুলি সংবাদ মাধ্যম দাবী কৰাৰ পিছতে 86 বছৰীয়া উদ্যোগপতিগৰাকীয়ে এই বক্তব্য সামাজিক মাধ্যযোগে প্ৰকাশ কৰে ।

লগতে পঢ়ক: জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন LIVE - Jagiroad Tata Semiconductor Project

ৰক্তদাতাৰ সন্ধানত ৰতন টাটা : কাৰ বাবে বিচাৰিলে তেজ ? - Ratan Tata in search of blood donor

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.