ETV Bharat / sports

গোৱালিয়ৰত বাংলাদেশৰ বিৰুদ্ধে বলিং ধুমুহা সৃষ্টি কৰা বলাৰলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা - IND VS BAN T20 SERIES

Player of the match: ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত প্ৰথমখন টি 20 ত 7 উইকেটত জয় লাভ ভাৰতৰ ৷ এই জয়ত ভাৰতৰ বলাৰসকলৰ ভূমিকা আছিল অনবদ্য ৷

author img

By ETV Bharat Sports Team

Published : 2 hours ago

IND VS BAN T20 SERIES
ভাৰত বনাম বাংলাদেশ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ: ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত প্ৰথমখন টি 20 মেচত 7 উইকেটত জয় লাভ কৰিছে ভাৰতে ৷ গোৱালিয়ৰত অনুষ্ঠিত এই শৃংখলাৰ প্ৰথমখন মেচত অনবদ্য প্ৰদৰ্শন আগবঢ়াইছিল ভাৰতীয় বলাৰসকলে ৷ যিয়ে দলটোৰ জয়ত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷

বিশেষকৈ এই মেচত ভাৰতীয় বলাৰ অৰ্শদীপ সিঙৰ অৱদান আছিল অনবদ্য ৷ অৰ্শদীপে বাংলাদেশৰ টপ অৰ্ডাৰ বেটছমেনসকলক নিজৰ বলিং ধুমুহাৰে কৰিছিল ছেদেলি-ভেদেলি ৷ সিঙে বাংলাদেশৰ অ’পেনিং বেটছমেনকে ধৰি এজনৰ পিছত আনজনক অতি কম সময়ৰ ভিতৰতে দিছিল বিদায় ৷ এনে দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে অৰ্শদীপ সিঙক আগবঢ়োৱা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷

অৰ্শদীপলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা

এই মেচত বাংলাদেশে প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ আহে ৷ ভাৰতৰ হৈ অৰ্শদীপে বলিং আৰম্ভ কৰি প্ৰথম অভাৰৰ পঞ্চমটো বলত লিটন দাসক 4 ৰাণৰ ব্যক্তিগত স্ক’ৰত বিদায় দিয়ে ৷ ইয়াৰ পিছত তৃতীয় অভাৰৰ প্ৰথমটো বলত অৰ্শদীপে বাংলাদেশৰ দ্বিতীয়গৰাকী অ’পেনাৰ পাৰভেজ হোছেইন আমনক 8 ৰাণৰ ব্যক্তিগত স্ক'ৰত পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱায় ।

বাংলাদেশৰ টপ অৰ্ডাৰ বিধ্বস্ত কৰাৰ পিছত অৰ্শদীপে 20 অভাৰৰ পঞ্চমটো বলত মুস্তাফিজুৰ ৰহমানক এক ৰাণৰ ব্যক্তিগত স্ক’ৰত বল কৰি তৃতীয়টো সফলতা অৰ্জন কৰে । অৰ্শদীপ সিঙে 3.5 অভাৰত 3.65 ৰ ইক’নমিক ৰেটত 14 ৰাণ ব্যয় কৰি দখল কৰে 3 টাকৈ উইকেট ৷

এই মেচখনত বাংলাদেশে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে মাত্ৰ 127 ৰাণ । প্ৰত্যুত্তৰত ভাৰতে 11.5 অভাৰত 5 টা উইকেট হেৰুৱাই 132 ৰাণ সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয় ৷ তিনিখন মেচৰ টি-20 শৃংখলাটোৰ প্ৰথমখন মেচত বাংলাদেশৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰে ভাৰতে ।

লগতে পঢ়ক: বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টি-২০ ত ৭ উইকেটত জয়লাভ ভাৰতৰ - IND vs BAN 1st t20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.