Union Budget Reaction: সাধাৰণ ৰাইজৰ বাবে কোনো আঁচনি নাই বাজেটত: দেৱব্ৰত শইকীয়া - দেৱব্ৰত শইকীয়া
🎬 Watch Now: Feature Video
গুহাৱাটী, 1 ফেব্ৰুৱাৰী: বুধবাৰে সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে(Finance Minister Nirmala Sitharaman ) দাখিল কৰা বাটেজক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(Debabrata Saikia reacts to union budget) ৷ তেওঁ কয় যে, মধ্যবিত্তসকলক আয়কৰ ৰেহায়ৰ যোগেদি কিছু সকাহ দিয়া হৈছে যদিও নিবনুৱা সমস্যা দূৰ কৰা, কৃষকৰ সমস্যা দূৰ কৰা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ,সাধাৰণ নাগৰিকৰ বাবে কোনো ব্যৱস্থা ৰখা নাই ৷
কৃষকৰ উৎপাদন ব্যয়তকৈ ন্যূনতম সমৰ্থিম মূল্য বৃদ্ধি কৰি মুনাফা দুগুণ কৰাৰ কথা চৰকাৰে কৈছিল যদিও সেই বিষয়ে বাজেটত সম্পূৰ্ণ নিমাত বুলি অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ৷ দাম বৃদ্ধি ৰোধ কৰা, পেট্ৰ’পণ্যৰ দাম হ্ৰাস কৰা, নিবনুৱা সংস্থাপনৰ বাবে বছৰি 2 কোটি চাকৰি প্ৰদানৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে বাজেটত কোনো ধৰণৰ আঁচনি বাজেটত নাই বুলি উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে(Budget reaction) ৷
গ্ৰামাঞ্চলৰ ৰাইজক সকাহ দিয়াৰ বাবে কোনো ধৰণৰ আঁচনি গ্ৰহণ নকৰাৰ লগতে এনৰেগা আঁচনিৰ ক্ষেত্ৰতো বিশেষ পৰিৱৰ্তন ঘটোৱা নাই বুলি অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই(Opposition leader Debabrata Saikia) ৷ লগতে তেওঁ কয়, ‘‘কৃষি সামগ্ৰী যেনে সাৰৰ দাম হ্ৰাস কৰা, কৃষকৰ বাবে বিদ্যুৎ মাচুল ৰেহাই দিয়া, জলসিঞ্চনৰ বাবে পুঁজি আবণ্টন দিয়া আদি বিষয়ো বাজেটত উল্লেখ কৰা নাই ৷’’
কেৱল নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যসমূহৰ বাবেহে কিছু পেকেজ ঘোষণা কৰা হৈছে বুলিও অভিযোগ দেৱব্ৰত শইকীয়াৰ(Union Budget 2023) ৷ ইতিমধ্যেই চৰকাৰৰ মূৰত 18 লাখ কোটি টকাৰ ঋণ আছে কিন্তু তাৰ পিচতো আৰু অধিক ঋণ লোৱাৰ কথা ঘোষণা কৰি জনাসাধৰণৰ মূৰত ঋণৰ বোজা জাপি দিয়া হৈছে বুলি মন্তব্য শইকীয়াৰ ৷ মুঠৰ ওপৰত এতিয়া কেন্দ্ৰীয় বাজেটক লৈ দেশজুৰিয়েই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক: Union Budget reaction: কেন্দ্ৰীয় বাজেটক ৰাহু, শনি আৰু কেতুকালৰ বাজেট আখ্যা ৰিপুন বৰাৰ