thumbnail

By

Published : Oct 15, 2022, 1:21 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Online ticket booking in Kaziranga : কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি অনলাইন টিকট বুকিং প্ৰক্ৰিয়া

পৰ্যটকৰ বাবে ইতিমধ্যে মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourists)। ইয়াৰ পাছতে কাজিৰঙাৰ পৰ্যটকসকলৰ বাবে সুখবৰ । শনিবাৰৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি হ'ল অনলাইন টিকট বুকিং প্ৰক্ৰিয়া । পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাফাৰীৰ বাবে স্বয়ং টিকট বুকিং কৰি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব পাৰিব (Online ticket for Kaziranga National Park)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে কাজিৰঙাৰ মিহিমুখত শুভাৰম্ভ কৰে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া । www.kazirangasafari.in ৱেবচাইটৰ জৰিয়তে আগতীয়াকৈ টিকট বুকিং কৰি চাফাৰী কৰিব পাৰিব দেশী-বিদেশী পৰ্যটকসকলে (Online ticket booking process for tourists in KNP)। উল্লেখ্য যে পৰ্যটকসকলৰ সুবিধাৰ্থে অনলাইন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে । লগতে অনলাইন ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ অধিক স্বচ্ছ আৰু কাৰ্যক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰিছে বন সংমণ্ডল বিষয়াগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.