Crime at Boko: দিন দুপৰতে সেনা জোৱানৰ পৰা ডকাইতে লুটি নিলে ধন

By

Published : Jan 19, 2023, 7:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বলিউডৰ কায়দাৰে এইবাৰ কামৰূপ জিলাৰ বকোত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ বকোৰ মাজমজিয়াত দিন দুপৰতে ডকাইতিৰ বলি হয় এজন ভাৰতীয় সেনাৰ জোৱান ৷ দুজনীয়া ডকাইতৰ দলটোৱে সেনা জোৱানজনৰ পৰা লুট কৰি নিয়ে নগদ ১ লাখ ১৯ হাজাৰ টকা(Miscreants snatch money bag from Army Jawan) । ভুক্তভোগী সেনা জোৱানজন বকোৰ গোহালকোনাৰ ৰাজু চাংমা বুলি জানিব পৰা হৈছে ।

ৰাজু চাংমা নামৰ সেনা জোৱানজনে বৃহস্পতিবাৰে বকোস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা টকাখিনি উলিয়াইছিল ৷ তেওঁ নগদ ধনখিনি হাতত লৈ চুলি কাটিবলৈ সোমাইছিল চেলুনত । চেলুনত চুলি কাটিবলৈ লওঁতেই সেনা জোৱানজনৰ টকাৰ বেগত হাত দিয়ে দুৰ্বৃত্তই(Miscreants snatch money bag) । দুৰ্বৃত্তটোৱে টকাৰ বেগটো কাঢ়ি লৈ দলিয়াই দিয়ে আনটো দুৰ্বৃত্তলৈ(Robbery at Boko) ।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজৰ তৎপৰতাত এটা ডকাইতক ধৰিবলৈ সক্ষম হয় যদিও টকাৰ বেগটো লৈ আনটো দুৰ্বত্তই পলায়ন কৰিবলৈ সক্ষম হয় । স্থানীয় ৰাইজে লপাথপা দি আটকাধীন ডকাইতটোক বকো আৰক্ষীক চমজাই দিয়ে । এই ডকাইতিৰ আঁৰত ইৰানী গেঙৰ লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

বকো আৰক্ষীয়ে পলাতক ডকাইতটোৰ সন্ধান কৰাৰ লগতে আটকাধীন ডকাইতটোক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্যে যে, বকো টাউনত সঘনাই সংঘটিত হৈ আছে এনে ধৰণৰ চুৰিকাণ্ড । মানুহৰ হাতৰ পৰা পইচা কাঢ়ি পলায়ন কৰা, ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটপাত কৰা, গাড়ীৰ আইনা ভাঙি পইচা লৈ যোৱা ইত্যাদি কাণ্ডই ব্যতিব্যস্ত কৰি তুলিছে স্থানীয় ৰাইজক ।

এই সন্দৰ্ভত বাৰম্বাৰ বকো আৰক্ষীক অৱগত কৰা হৈছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । যাৰ বাবে আৰক্ষীৰ ওপৰত সোঁচ্চাৰ হৈ পৰিছে স্থানীয় লোক ৷ সৰ্বসাধাৰণ জনতাই নিজৰ নিৰাপত্তাক লৈও চিন্তিত হৈ পৰিছে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.