গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড - fire broke out near Bhangagarh flyover
🎬 Watch Now: Feature Video

গুৱাহাটী মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড (Massive fire breaks out in Guwahati city) । গুৱাহাটী মহানগৰীৰ ভঙাগড় উৰণসেতুৰ নিচেই কাষতে সংঘটিত হৈছে এই অগ্নিকাণ্ড (fire broke out near Bhangagarh flyover) । পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড । ভঙাগড়ৰ মিষ্টিঘৰ নামৰ মিঠাইৰ দোকানখনত ৰন্ধন গেছ নিৰ্গত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । অগ্নিকাণ্ডত দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আন তিনিখন দোকানলৈ জুই বিয়পি পৰে । অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় (Property worth several lakhs of rupees gutted in fire) । অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিষ্ফোৰণ হয় । ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ ৯ খনকৈ বাহনে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:27 PM IST