লাকী আলী-নীলোৎপলৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰিল মাজুলী মিউজিক ফেষ্টিভেলৰ - মাজুলী মিউজিক ফেষ্টিভেল 2022
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17050791-thumbnail-3x2-majuli.jpg)
সামৰণি পৰিল মাজুলী মিউজিক ফেষ্টিভেল 2022 ৰ (Majuli Music Festival 2022) ৷ সত্ৰ নগৰী মাজুলীত তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছিল মাজুলী মিউজিক ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ (Majuli Music Festival) ৷ প্ৰতিবাৰৰ দৰেই এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ সংগীত শিল্পী সকলে অংশগ্ৰহণ কৰিলে মাজুলী মিউজিক ফেষ্টিভেলত ৷ 20 টাতকৈয়ো অধিক মিউজিক বেণ্ডে পৰিৱেশন কৰে নিজৰ অনুষ্ঠান ৷ লোকে লোকাৰণ্য হৈ পৰে মাজুলীৰ জেংৰাই চাপৰিৰ পাৰ ৷ এইবাৰৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী ৷ ফেষ্টিভেলৰ অন্তিম দিনটোত লাকী আলীৰ লগতে মুম্বাইস্থিত অসম সন্তান নীলোৎপলে নিজৰ গানেৰে মুহিলে উপস্থিত দৰ্শকক ৷ মিউজিক ফেষ্টিভেলত নানা ধৰণৰ বিপনীৰ সমাহাৰো দেখিবলৈ পোৱা গ’ল ৷
Last Updated : Feb 3, 2023, 8:33 PM IST