Golaghat Sahitya Sabha Laikhuta: গোলাঘাট জিলা সাহিত্য সভা অধিৱেশনৰ লাইখুঁটা স্থাপন - Preparation for Golaghat Sahitya Sabha Session

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 7, 2023, 6:58 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

গোলাঘাট,৭ ফ্ৰেব্ৰুৱাৰী: ১১ আৰু ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বার্ষিক অধিৱেশন (20th Bi-Annual Session of Golaghat Sahitya Sabha) । মঙলবাৰে স্থাপন কৰা হয় গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বার্ষিক অধিৱেশনৰ লাইখুঁটা  (Laikhuta laid of Golaghat Sahitya Sabha) । গোলাঘাটৰ অজন্তা কলা মণ্ডলত মঙলবাৰে গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা অধিৱেশনখনিৰ লাইখুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰে বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰনাথ দত্তই । 

এই কাৰ্যসূচীত উপস্থিত থাকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়াকে ধৰি আদৰণী সমিতিৰ বিষয়ববীয়াসকল (Preparation for Golaghat Sahitya Sabha Session) । ১১ ফেব্ৰুৱাৰীত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া অনুষ্ঠানত শীতৰ দলিচাৰে নৃত্য, গীত আৰু কবিতাৰে এসন্ধ্যা কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । য'ত অংশগ্ৰহণ কৰিব বিশিষ্ট কবি, নৃত্যশিল্পী তথা বহুকেইগৰাকী কণ্ঠশিল্পীয়ে । ১২ ফেব্ৰুৱাৰীত অধিৱেশনৰ আন এক মুখ্য কাৰ্যসূচী হ'ল গোলাঘাটৰ এশগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন । এশগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব গোলাঘাট সাহিত্য সভাই । 

গোলাঘাট জিলাৰ সকলো লোকৰে সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে । উল্লেখ্য যে, ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছিল অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Asam Sahitya Sabha Narayanpur conference) । যদিও অসম সাহিত্য সভাৰ নিয়ম অনুসৰি শাখা সাহিত্য সভা তথা জিলা সাহিত্য সভাৰ অধিৱেশনসমূহ মূল অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত হ'ব লাগে । এইক্ষেত্ৰত গোলাঘাট জিলা সাহিত্য সভা কিছু ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে । কিহৰ কাৰনে এই পদক্ষেপ সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই । 

Last Updated : Feb 14, 2023, 11:34 AM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.