thumbnail

অসমৰ বানপানী সমস্যাক লৈ কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

By

Published : Jun 21, 2022, 11:45 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ৰাজ্যত বানৰ সংহাৰৰ মাজতেই সোমবাৰে ডিফুস্থিত তাৰালাংছʼ প্ৰেক্ষাগৃহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচনত বিজয়ী নিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় (Oath taking ceremony in Karbi Anglong) ৷ কাৰ্বি আংলং জিলাৰ ১৭ টা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ টা পৰিষদীয় সমষ্টিৰ মুঠ ২৬ গৰাকী নিৰ্বাচিত সদস্যই ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শপত গ্ৰহণ কৰে (Oath taking ceremony of newly elected KAAC MACs) । এই অনুষ্ঠানত সংবাদমাধ্যমৰ বানপানীৰ সমস্যাক লৈ সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma on flood) কয় যে, কাৰ্বি আংলঙক বাদ দি সমগ্ৰ ৰাজ্য বানৰ কবলত পৰিছে ৷ নামনি অসমকে প্ৰায় 2000 খন গাঁও বানত বুৰ গৈছে ৷ ৰাজ্যত প্ৰথমবাৰলৈ ভাৰতীয় বিমান সেনা বাহিনীয়ে বানাক্ৰান্তক সহায়ৰ বাবে 1 লাখ লিটাৰ ডিজেল পেট্ৰল লৈ শিলচৰলৈ বিমান বন্দৰলৈ আহিব ৷ ইয়াৰোপৰি বানাক্ৰান্তৰ সহায়ৰ হকে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেই বিশেষ ৰিলীফ ট্ৰেইন চলাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ জিলা উপায়ুক্তসমূহে সাহাৰ্য প্ৰদানৰ সময়ত এই ৰে'লসমূহ ব্যৱহাৰ কৰিব পাৰি ৷ ইতিমধ্যে ভাৰতীয় অসামৰিক বাহিনীৰ কেবাটাও বিভাগে ৰিলীফ আৰু উদ্ধাৰ অভিযানত নামি পৰিছে ৷ ইয়াৰ সমান্তৰালকে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে প্ৰতিমুহুৰ্ততে উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছ ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে অসমৰ পৰিস্থিতিৰ সন্দৰ্ভত খবৰ লৈ আছে (PM Narendra Modi) ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল লোকে বানত প্ৰাণ হেৰুৱাইছে তেওঁলোকে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সাহাৰ্য লাভ কৰিছে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.