Guwahati City Bus Service: বন্ধ ৰখা হৈছে মহানগৰীৰ তিনি শতাধিক বাছ - Guwahati city bus service closed
🎬 Watch Now: Feature Video
মহানগৰীত নিয়ম উলংঘাকাৰী চিটি বাছৰ বিৰুদ্ধে কঠোৰ স্থিতি পৰিবহণ বিভাগৰ । বহু চিটি বাছক বিহিছে জৰিমনা । ফলত মহানগৰীত দেখা গৈছে চিটি বাছৰ সেৰেঙা চলাচল । পৰিণতিত দুৰ্ভোগৰ সন্মুখীন হৈছে বাছ যাত্ৰীসকল । আজিৰ দিনটোত প্ৰায় ৩০০ ব্যক্তিগত খণ্ডৰ চিটিবাছ বন্ধ কৰি ৰখা হৈছে (Guwahati city bus service closed)। পৰিবহণ বিভাগে ভিন্ন অজুহাতত চিটি বাছসমূহৰ পৰা ১০-২০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহাৰ ফলত অতিষ্ঠ হৈ পৰা বাছৰ মালিক কৰ্মচাৰী-সকলে শুকুৰবাৰে চিটি বাছৰ চলাচল বন্ধ ৰাখে(Dispute between transport department and Guwahati bus drivers) ৷ এই সম্পৰ্কত পৰিবহণ বিভাগৰ লগত চিটি বাছ মালিকসকল বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST