Fastest man of National games: দৌৰবিদ অম্লান বৰগোঁহাইৰ পিতৃৰে ETV Bharat ৰ আছুতীয়া সক্ষাৎকাৰ - বদন চন্দ্ৰ বৰগোঁহাই
🎬 Watch Now: Feature Video
গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি ১০০ আৰু ২০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল দৌৰবিদ অম্লান বৰগোঁহাইয়ে (Runner Amlan Bargohai) ৷ যোৰহাট জিলাৰ টীয়কৰ চটাইৰ ডাঙৰী আলিৰ সমীপৰ বাসগৃহত উপস্থিত হৈ ETV BHARAT ৰ তৰফৰ পৰা অম্লানৰ পিতৃৰ সৈতে এক সাক্ষাৎকাৰ গ্ৰহণ কৰা হয় (ETV Bharat interview with runner Amlan Bargohais father) ৷ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া অম্লানৰ পিতৃ বদন চন্দ্ৰ বৰগোঁহাই-এ পুত্ৰৰ এই সফলতাত অতিকৈ উৎফুল্লিত ৷ অম্লানে সৰুতে প্ৰথমে ফুটবল খেলিছিল যদিও পাছত দৌৰত গুৰুত্ব দি নিজৰ অনুশীলন আগবঢ়াই নিয়ে (Fastest man of National games) ৷ পুত্ৰৰ সফলতাত গৌৰৱান্বিত পিতৃয়ে এতিয়া আশা কৰিছে অলিম্পিকত জিলিকক তেওঁৰ পুত্ৰ ৷ অম্লানে ইতিমধ্যে হ’বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে সূদুৰ হাইদৰাবাদত প্ৰশিক্ষণত ব্যস্ত হৈ আছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST