thumbnail

By

Published : Dec 23, 2022, 8:40 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Appointment in PHE: ৰঙিয়াত ১০০ গৰাকী জলমিত্ৰক নিয়োগ পত্ৰ বিতৰণ

বৃহস্পতিবাৰে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাই বিতৰণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰঙিয়া সংমণ্ডলৰ জলমিত্ৰৰ নিয়োগ পত্ৰ (Appointment in PHE) । নিয়োগ পত্ৰ বিতৰণ উপলক্ষে আয়োজন কৰা সভাখনত জল জীৱন মিছনৰ অধীনৰ জলমিত্ৰ পদৰ বাবে ১০০ গৰাকী লোকক আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰা হয় (Distribution of appointment letters to Jalmitra )। ৰঙিয়াৰ মহকুমাৰ অন্তৰ্গত ১০০ টা জল জীৱন মিছন আঁচনিৰ বাবে নিয়োগ কৰা হৈছে ১০০ গৰাকী জলমিত্ৰক । অনুষ্ঠানটোত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত মুনমী কলিতা, কামৰূপৰ জিলা উন্নয়ন পৰিষদৰ সঞ্চালক নৰসিংহ বি, পাণ্ডৰী জিলা পৰিষদৰ সদস্য লিটন কলিতাকে আদি কৰি গাঁও পঞ্চায়তসমূহৰ সভাপতিৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে । নিয়োগ পত্ৰ বিতৰণ কৰি নৱনিযুক্ত জলমিত্ৰ সকলক উদ্দেশ্যি বিধায়ক ভৱেশ কলিতাৰ কয় যে, কৰ্মত ফাকি দিলে নিয়োগ পত্ৰ লাভ কৰা লোককো সেই পদৰ পৰা আঁতৰাই দিয়া হ'ব । নৱনিযুক্ত জলমিত্ৰ সকলক শুভেচ্ছা জ্ঞাপন কৰি সকলোকে নিজৰ কৰ্ম গুৰুত্বসহকাৰে সম্পাদন কৰিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.